শ্যামাগুড়ীত ভক্তিৰসৰ মাজেৰে ৩৩-তম বাৰ্ষিক ৪০ প্ৰহৰ নামকীৰ্তন মহোৎসৱৰ সফল সামৰণি
শ্যামাগুড়ীত ভক্তিৰসৰ মাজেৰে ৩৩-তম বাৰ্ষিক ৪০ প্ৰহৰ নামকীৰ্তন মহোৎসৱৰ সফল সামৰণি ।
শ্যামাগুড়ীত ভক্তিৰসৰ মাজেৰে ৩৩-তম বাৰ্ষিক ৪০ প্ৰহৰ নামকীৰ্তন মহোৎসৱৰ সফল সামৰণি


কাৰ্বি আংলং, ২৯ এপ্ৰিল (হি.স.): কাৰ্বি আংলং জিলাৰ শ্যামাগুড়ী সাৰ্বজনীন শ্রী শ্রী শিৱ মন্দিৰত শুভ অক্ষয় তৃতীয়া উপলক্ষে আয়োজিত ৩৩-তম বাৰ্ষিক সাৰ্বজনীন ৪০ প্ৰহৰ নামকীৰ্তন আৰু মহোৎসৱৰ সফল সামৰণি পৰে । পৰিচালনা সমিতিৰ সভাপতি জ্ঞান ৰঞ্জন নাথ আৰু সম্পাদক ৰাজু দে’ৰ সুন্দৰ নেতৃত্ব তথা দক্ষ পৰিচালনাত সমগ্ৰ অনুষ্ঠানটি অতি শৃংখলাবদ্ধভাৱে সম্পন্ন হয় ।

শ্রী শ্রী ৰাধা-গোবিন্দৰ চৰণত সেৱা জনাই আৰম্ভ হোৱা এই পবিত্ৰ অনুষ্ঠানত কেইবা প্ৰহৰ ধৰি চলা হৰিনামৰ ধ্বনিয়ে সমগ্ৰ অঞ্চলটোত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে । এই মহোৎসৱৰ মূল আকৰ্ষণ আছিল আমন্ত্ৰিত নাম কীৰ্তন দলসমূহৰ সুমধুৰ পৰিৱেশন । অনুষ্ঠানত আগৰতলাৰ কৃষ্ণ গোপাল সম্প্ৰদায়, শিলচৰৰ ৰাধা ৰাণী, শ্রীভূমিৰ গৌৰ গোপাল, ত্ৰিপুৰাৰ শিৱ শক্তি সম্প্ৰদায় আৰু স্থানীয় শ্যামাগুড়ীৰ বিবেকানন্দ সম্প্ৰদায়ে নাম কীৰ্তন পৰিৱেশন কৰি উপস্থিত ভক্তসকলক ভক্তিৰসত আপ্লুত কৰে ।

উল্লেখ্য যে, যোৱা দেওবাৰৰ পৰা আৰম্ভ হোৱা এই অবিৰাম নাম সংকীৰ্তনত অঞ্চলটোৰ লগতে দূৰ-দূৰণিৰ বহু ভক্তৰ সমাগম ঘটে । উৎসৱৰ যোৱা কালি মঙ্গলবাৰে সন্ধিয়া অন্তিম দিনা মহাপ্ৰসাদ বিতৰণ, পুৱা ৪ বজাত নগৰ পৰিক্ৰমা আৰু মহানিধি দানৰ পাছতে এই আধ্যাত্মিক মহোৎসৱৰ সফল সামৰণি পৰে । সভাপতি আৰু সম্পাদকৰ লগতে উদ্যোক্তা সমিতিয়ে অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সমূহ ভক্তপ্ৰাণ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande