
ডিব্ৰুগড় ২৯ এপ্ৰিল (হি.স.): এটা বিবাহ ভৱনৰ সন্মূখত এখন বিয়াৰ ফটকা ফুটাই থকাৰ সময়তে বিবাহ ভৱনটোৰ কাষতে থকা এটা টেন্ট হাউজ জ্বলি উঠাক লৈ ডিব্ৰুগড় মহানগৰৰ নালিয়াপুলত কালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াকে লৈ আৰক্ষীৰে একাংশ স্থানীয়ৰ সংঘাটৰ সৃষ্টি হয় ইফালে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে মোতায়েন কৰা হয় আৰক্ষী দল।
প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় নালিয়াপুলৰ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা আশ্রয় নামৰ বিবাহ ভৱনত কালি নিশা এখন বিবাহ চলি আছিল। সেই বিবাহ অনুষ্ঠানৰে ফটকা ৰাষ্ট্ৰীয় ঘাইপথত ফুটাই থকা সময়তে কাষত থকা চাজু নামৰ এজন স্থানীয়ৰ এটা টেন্ট হাউচ জ্বলি উঠে। টেন্ট হাউজটো জ্বলি থকা সময়ত ফটকাৰ ফিৰিঙতি আহি পৰা দৃশ্যও একাংশ স্থানীয়ৰ মোবাইল কেমেৰাত বন্দী হয়। অগ্নিকাণ্ডটোত টেন্ট হাউচটোৰ সকলো সামগ্রী জ্বলি যায়।লগতে আন এখন দোকানৰো ক্ষতি হয়। স্থানীয় একাংশ যুৱকে জুই প্ৰতক্ষ কৰি, জুই নুমুৱাৰ চেষ্টা চলায়। অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত স্থানীয়ৰ সহযোগত জুই নুমায় যদিও, ঘটনাক লৈ উত্তপ্ত হৈ পৰে পৰিস্থিতি । একাংশৰ অভিযোগ বিবাহ ভৱনৰ সন্মূখত ফুটুৱা ফটকাৰ পৰাই জুইৰ সূত্ৰপাত হয়। যাৰ প্ৰতিবাদত একাংশ লোকে বিবাহ ভৱনটো ঘেৰাও কৰি বিবাহ চলি থকা সময়তে গেট বন্ধ কৰাৰ চেষ্টা চলায়, ৰাজপথতো ভিৰ কৰে। যাক লৈ আৰক্ষী উপস্থিত হৈ বিবাহ ভৱনৰ গেট বন্ধৰ কৰাৰ চেষ্টা চলোৱা সকলৰ লগতে পৰিস্থিতি জটিল কৰা সকলক নিয়ন্ত্রণ কৰে। নিয়ন্ত্রণৰ সময়তে আৰক্ষীৰে হতাহতি আৰু তীব্র সংঘাটৰ সৃষ্টি হয়। প্ৰায় ২:৩০ ঘন্টা সময় পৰিস্থিতি উত্তপ্ত হৈ থকাৰ পাছত কিছু নিয়ন্ত্রণলৈ আহে, যদিও আৰক্ষীৰ দলে পহৰা দিব লগা হয় ঠাইডোখৰ।
ঘটনাস্থলীত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অতুল কুমাৰ উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ