বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত সতী ৰাধিকা মহোৎসৱ পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি
নগাঁও, ২৯ এপ্ৰিল (হি.স.)। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থানস্থিত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অহা ১ মে’ত সতী ৰাধিকা মহোৎসৱ পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷ উদযা
বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত সতী ৰাধিকা মহোৎসৱ পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি


নগাঁও, ২৯ এপ্ৰিল (হি.স.)। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ পৱিত্ৰ জন্মস্থানস্থিত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতিৰ সংগঠনসমূহৰ সহযোগত অহা ১ মে’ত সতী ৰাধিকা মহোৎসৱ পালন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে৷

উদযাপন সমিতিৰ সভাপতি তথা শ্রীশ্রী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, উপ-সভাপতি তথা শ্রীশ্রী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত, কার্যকৰী সভাপতি গোবিন্দ চন্দ্ৰ দাস, সাধাৰণ সম্পাদক লাচিত বৰদলৈ, সহকাৰী সম্পাদক প্ৰাঞ্জল হাজৰিকা, সন্দীপ কলিতা আৰু অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে সংবাদ মেলৰ জৰিয়তে বিবৃতি যোগে জনোৱা মতে, ঐতিহাসিক বটদ্ৰৱাৰ আলিপুখুৰীস্থিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে পালন কৰিবলগীয়া সতী ৰাধিকা মহোৎসৱৰ কাৰ্যসূচী অনুসৰি উক্ত দিনা ৫-৩০ বজাত শ্রীশ্রীনৰোৱা সত্ৰ আৰু শ্রী শ্রী শলগুৰি সত্ৰৰ গৃহস্থৰ পদূলিত বস্তি প্রজ্বলন কৰা হ’ব৷ সন্ধিয়া ৮ বজাত নগাঁৱৰ পাঞ্চজন্য শিল্পী সমাজে মহাপুৰুষ শ্রীশ্রীশঙ্কৰদেৱ গুৰুজনাৰ বিৰচিত অংকীয়া নাট ‘পাৰিজাত হৰণ’ পৰিবেশন কৰা হ’ব৷ পৰিচালনা কৰিব জিতু ডেকাই৷ সতীত্ব আৰু সাহসিকতাৰে টেম্বুৱানী জান বান্ধি বানৰ কবলৰ পৰা ভকত-বৈষ্ণৱক উদ্ধাৰ কৰি কাললৈ খ্যাতি গঢ়া মহীয়সী নাৰী সতী ৰাধিকা আইগৰাকীৰ জন্মজয়ন্তী মহোৎসৱ সফল কৰিবলৈ সত্ৰাধিকাৰ প্ৰভুসকল, বাপ-বান্ধৱ, বিভিন্ন দল-সংগঠন, ব্যক্তিবিশেষৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহায়-সহযোগ কামনা কৰিছে উদ্যোক্তাসকলে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande