
তামুলপুৰ, ২৯ এপ্ৰিল (হি.স.)। তামুলপুৰৰ হাঁহকাটাত ভয়ংকৰ বাইক দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত দুই ছাত্ৰ। সংকটজনক অৱস্থাতত চিকিৎসালয়লৈ প্ৰেৰণ।
তামুলপুৰ জিলাৰ হাহকাটাত ভয়াবহ বাইক দুৰ্ঘটনা । প্ৰ্ত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি ধমধমাৰ এখন শিক্ষানুষ্ঠানৰ দুই ছাত্ৰই এ এছ ১৭ জি ৫৯৪২ নম্বৰ পালচাৰ বাইকেৰে ঘৰ অভিমুখে গৈ থকা অৱস্থাত হাহকাটাতাত সংঘটিত হয় দুৰ্ঘটনা ।
তীব্ৰ বেগত অহা বাইক খনে প্ৰথমে পকী ওৱালত খুণ্ডা মাৰি পুনৰ গছ এডালত খুণ্ডা মাৰে । ফলত পকী ওৱাল ভাঙি চুৰ্ন বিচুৰ্ন হোৱাৰ লগতে বাইক খনৰো ক্ষটি সাধন হয়।
পিছতে স্থানীয় লোকে গুৰুতৰ ভাবে আহত দুই ছাত্ৰক সংকট জনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায়। বাতৰি লিখা পৰলৈকে ছাত্ৰ দুগৰাকীৰ পৰিছিল জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু