
নতুন দিল্লী, ২৯ এপ্ৰিল (হি.স.)। আজি পুৱা ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা বতৰে হঠাৎ ৰূপ ল’লে। প্ৰচণ্ড বতাহ বলিল, বিজুলী ঢৰেকনি চমকি উঠিল আৰু অলপ সময়ৰ বাবে বৰষুণ দি গৰমৰ পৰা সকাহ দিলে। নয়ডা আৰু গাজিয়াবাদতো মনোৰম বতৰ পৰ্যবেক্ষণ কৰা হয়। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে এই সন্দৰ্ভত উপগ্ৰহৰ ছবি শ্বেয়াৰ কৰে।
বিভাগটোৱে জনোৱা মতে, আজি অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, আৰু ছিকিমৰ কিছু অংশত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।
আইএমডিৰ তথ্য অনুসৰি দিল্লী-এনচিআৰ আজি আৰু কাইলৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সামান্য বৰষুণৰ সম্ভাৱনা। বজ্ৰপাতৰ সম্ভাৱনা আছে। সপ্তাহৰ শেষৰ ফালে বতৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। আজি দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৩৭ৰ পৰা ৩৯ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত, আৰু সৰ্বনিম্ন ২৬ৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব বুলি আশা কৰা হৈছে। মঙলবাৰে ৰাজধানীত সৰ্বোচ্চ উষ্ণতা ৩৯.২ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন ২৮.৪ ডিগ্ৰী চেলছিয়াছ।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ছত্তীশগড়, কৰ্ণাটক, জম্মু-কাশ্মীৰ, লাডাখ, কেৰালা, মধ্যপ্ৰদেশ, আৰু বিদৰ্ভকে ধৰি কেইবাখনো ৰাজ্যত ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগেৰে প্ৰচণ্ড বতাহৰ সৈতে বজ্ৰপাত আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে। আজি পশ্চিমবংগৰ একাংশ অঞ্চলতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ কিছু অঞ্চলত ধুমুহা আৰু শিলাবৃষ্টিৰ আশংকা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া