গুজৰাটৰ নিগম-নিকায় আৰু পঞ্চায়তত বিজেপিৰ বিজয় গুজৰাটৰ জনতাৰ বিজয়- ৰাজ্যিক বিজেপি
গুৱাহাটী, ২৯ এপ্রিল (হি.স.)। গুজৰাটৰ স্থানীয় নিগম-নিকায় আৰু পৌৰনিগমৰ লগতে জিলা পঞ্চায়তসমূহত ভাৰতীয় জনতা পার্টিব ঐতিহাসিক আৰু নিৰংকুশ বিজয়ৰ বাবে গুজৰাটবাসী বাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই। এই বিজ
বিজেপিৰ দলীয় পতাকা


গুৱাহাটী, ২৯ এপ্রিল (হি.স.)। গুজৰাটৰ স্থানীয় নিগম-নিকায় আৰু পৌৰনিগমৰ লগতে জিলা পঞ্চায়তসমূহত ভাৰতীয় জনতা পার্টিব ঐতিহাসিক আৰু নিৰংকুশ বিজয়ৰ বাবে গুজৰাটবাসী বাইজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ভাৰতীয় জনতা পার্টি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই। এই বিজয় মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গুজৰাটৰ বিকাশ মডেল ৰাজ্যবাসীৰ লগতে দেশবাসীৰো আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে।

গুজৰাটৰ সদ্যসমাপ্ত পৌৰসভা নির্বাচনত সৰ্বমুঠ ১০৪৪ খন আসনৰ ভিতৰত বিজেপিয়ে ৯৩৭ খন, নগৰপালিকাৰ ২৬২৪ খন আসনৰ ভিতৰত বিজেপিয়ে ১৯৭৬ খন, জিলা পৰিষদৰ সৰ্বমুঠ ১০৯০ খনৰ ভিতৰত ৮৯৩ খন আৰু আঞ্চলিক পঞ্চায়তৰ ৫২৩৪ খন আসনৰ ভিতৰত বিজেপিয়ে ৩৮২৯ খন আসন লাভ কৰি নিৰংকুশ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। গুজৰাটৰ নিগম নিকায়ৰ নিৰ্বাচনত বিজেপিয়ে ধাৰাবাহিক উন্নত প্রদর্শন অব্যাহত ৰাখি বিৰোধী পক্ষক সম্পূর্ণৰূপে ধুলিসাৎ কৰি এক বৃহৎ বিজয় সাব্যস্ত কৰিছে।

২০২১ চনতো গুজৰাটৰ স্থানীয় নিগম-নিকায়ৰ নিৰ্বাচনত ভাৰতীয় জনতা পার্টিয়ে অভিলেখসংখ্যক জয়লাভ কৰিবলৈ সক্ষম হৈছিল । ২০২১ চনত বিজেপিয়ে ৰাজ্যখনৰ আটাইকেইখন জিলাতে প্রধানত ৬খন পৌৰনিগম ক্রমে আহমেদাবাদ, চুৰাট, বদোদ্রবা, ৰাজকোট, ভাৱনগৰ আৰু জামনগৰ পৌৰনিগমৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। পৌৰনিগমৰ উপৰিও ২০২১ চনত প্ৰায়বোৰ পৌৰসভা, জিলা পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়ততো বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে ২০২১ চনৰ মাৰ্চ মাহত গুজৰাটৰ বিভিন্ন পৌৰসভাৰ ৮৪৭০ খন আসনৰ ভিতৰত ৬২০৬খন আসনতে বিজেপিয়ে বিজয় লাভ কৰিছিল।

ভাৰতীয় জনতা পার্টিৰ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰে সদায় ৰাজ্যসমূহৰ মাজত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে গাঁও-নগৰ-চহৰ সকলোৰে সমবিকাশ আৰু সমউন্নয়নৰ নীতিত বিশ্বাস কৰি আহিছে। প্রধানমন্ত্রী মোদীৰ ২০৪৭ চনত ভাৰতক পৃথিবীৰ সর্বশ্রেষ্ঠ অর্থনৈতিক দেশলৈ উত্তৰিত কৰাৰ যি সপোন সেয়া সার্থক হ'বলৈ হ'লে গাঁও নগৰ তথা চহৰসমূহৰ উন্নয়ন আৰু বিকাশ হ'ব লাগিব।

গুজৰাটৰ নিগম নিকায়ৰ নিৰ্বাচনত বিজেপিৰ বিজয়ে পুনৰ এবাৰ প্রতীয়মান কৰিছে গুজৰাটবাসীৰ বিজেপিৰ প্রতি থকা আস্থা আৰু বিশ্বাসৰ। এই আস্থা আৰু বিশ্বাস হৈছে সমবিকাশ আৰু সম উন্নয়নৰ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande