জুয়ে পোৰা সোণ হৈ উজলি উঠিল চিৰাঙৰ ছাত্ৰী
চিৰাং, ২৯ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ক''লা শাখাত ৮৩.০২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে চিৰাং জিলাৰ অতি ভিতৰুৱা অঞ্চল ৩ নং দক্ষিণমাক্ৰাৰ মেধাৱী ছাত্ৰী পুজা দাসে । ৩ নং দক্ষিণমাক্ৰাৰ নিৱ
জুয়ে পোৰা সোণ হৈ উজলি উঠিল চিৰাঙৰ ছাত্ৰী


চিৰাং, ২৯ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ক'লা শাখাত ৮৩.০২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিছে চিৰাং জিলাৰ অতি ভিতৰুৱা অঞ্চল ৩ নং দক্ষিণমাক্ৰাৰ মেধাৱী ছাত্ৰী পুজা দাসে ।

৩ নং দক্ষিণমাক্ৰাৰ নিৱাসী শ্ৰমিক পিতৃ আনন্দ দাস আৰু মাতৃ পূৰ্ণিমা দাসৰ কন্যা পূজা দাস বিজনীৰ নীট একাডেমী ত অধ্যয়ন কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ক'লা শাখাত পলিটিকেল চাইন্স, লোজিক এণ্ড ফিলোশ্বপী, অসমীয়া, এডুকেচন, চছিয়লোজী সহ পাঁচটাকৈ বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।

পিতৃ আনন্দ দাসে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আহিছে।

ঘৰৰ আৰ্থিক দৈন্যতাৰ মাজতো কঠোৰ পৰিশ্ৰম কৰি পূজা দাসে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত ক'লা শাখাত ৮৩.০২ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত গাঁওবাসীয়ে গৌৰৱ কৰাৰ লগতে ছাত্ৰী গৰাকীৰ ভবিষ্যত জীৱন উন্নত হোৱাৰ কামনা কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande