মহানগৰীত কৃত্ৰিম বানত উটি আহিল কটা ভৰি
গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। মহানগৰীত আজি পুৱাৰে পৰা দি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ মাজতে মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । কাহানীও নেদেখা দৃশ্য দেখিবলৈ পোৱা যায় এইখন মহানগৰীতে । গুৱাহাটীৰ বামুণীম
মহানগৰীত কৃত্ৰিম বানত উটি আহিল কটা ভৰি


গুৱাহাটী, ২৯ এপ্ৰিল (হি.স.)। মহানগৰীত আজি পুৱাৰে পৰা দি থকা মুষলধাৰ বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। ইয়াৰ মাজতে মহানগৰীত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । কাহানীও নেদেখা দৃশ্য দেখিবলৈ পোৱা যায় এইখন মহানগৰীতে ।

গুৱাহাটীৰ বামুণীমৈদামৰ কলেজ পথত অতি ভয়ংকৰ দৃশ্য প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে । নেৰানেপেৰা বৰষুণৰ ফলত পথটো একাঁঠু পানীত বুৰ গৈ থকাৰ সময়তে পেলনীয়া জাবৰৰ মাজত এটা কটা ভৰি ওপঙি থকা দেখা যায়। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কটা ভৰিখন উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে। ইপিনে এই কটা ভৰি উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয় ।

আনফালে, আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। কৃত্রিম বানৰ সমান্তৰালভাৱে মহানগৰীত সুৰক্ষা আৰু আইন-শৃংখলাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হৈছে। এতিয়া মহানগৰীত প্ৰায়েই হত্যা, হিংসা, চুৰি, ডকাইতি, চিলনী চোৰ, আত্মহত্যা, দুৰ্ঘটনা তথা নিচাসক্তৰ অতপালিৰ দৰে ঘটনা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আজি কটা ভৰি উদ্ধাৰৰ ঘটনাই মহানগৰবাসীৰ নিৰাপত্তাৰ দিশটোত পুনৰ এবাৰ প্ৰশ্ন চিহ্ন উত্থাপিত হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande