পঞ্জাৱৰ শম্ভু সীমান্তৰ সমীপত ৰে'লপথত বিস্ফোৰণ, নিহত সন্দেহজনক
চণ্ডীগড়, ২৮ এপ্ৰিল (হি.স.)। পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু অঞ্চলত যোৱা নিশা দিল্লী-পটিয়ালা ৰে''লপথত এটা বোমা বিস্ফোৰণ ঘটে। বিস্ফোৰক স্হাপন কৰা সন্দেহজনক লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহৰ অংগ। বিস্ফোৰণৰ
हरियाणा व पंजाब बाॅर्डर पर शंभु के निकट धमाके की जांच करती पुलिस


চণ্ডীগড়, ২৮ এপ্ৰিল (হি.স.)। পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ শম্ভু অঞ্চলত যোৱা নিশা দিল্লী-পটিয়ালা ৰে'লপথত এটা বোমা বিস্ফোৰণ ঘটে। বিস্ফোৰক স্হাপন কৰা সন্দেহজনক লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহৰ অংগ। বিস্ফোৰণৰ ফলত কেইবা ঘণ্টা ধৰি ৰেলপথ ব্যাহত হৈ পৰে। পাটিয়ালা জিলাৰ বাথোনীয়া গাঁৱৰ সমীপৰ এখন বনাঞ্চলত সংঘটিত হয় এই বিস্ফোৰণ। ৰে'ল পথৰ এটা অংশ ঘন অৰণ্যত অৱস্থিত। সন্ত্ৰাসবাদৰ সময়ছোৱাতো এই অঞ্চলৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে।

পাটিয়ালাৰ এছ এছ পি বৰুণ শৰ্মাই উল্লেখ কৰে যে যোৱা নিশা শম্ভুৰ সমীপৰ ৰে’লপথত সংঘটিত হোৱা বিস্ফোৰণৰ তথ্য লাভ কৰা হৈছে। ইয়াৰ পিছতে তেওঁ, ডি আই জি পাটিয়ালা ৰেঞ্জ, জি আৰ পি আৰু আৰ পি এফৰ বিষয়াসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। বিস্ফোৰণৰ স্থানত গভীৰ গহ্বৰ সৃষ্টি হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লপথত যাতায়ত বন্ধ কৰি দিয়া হয়। এই ঘটনাত সন্দেহযুক্ত যুৱকজনৰ মৃত্যু হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। বিস্ফোৰণৰ ফলত ট্ৰেকটোৰ সামান্য ক্ষতিসাধন হয়, যিটো ট্ৰেক মেৰামতি কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ সূত্ৰ। এটা মোবাইল ফোন চিম কাৰ্ডো উদ্ধাৰ কৰা হৈছে, যাৰ তদন্ত অব্যাহত আছে।

উল্লেখযোগ্য যে প্ৰায় এসপ্তাহ পূৰ্বে পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰে'লপথত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া ইমেইল প্ৰেৰণ কৰা হৈছিল। ইমেইলটোত বিশেষ ভাবুকি দিয়া হৈছে যে ২৪ এপ্ৰিলৰ পুৱা ৮:১১ বজাত আম্বালাৰ পৰা দিল্লীলৈ ৰে'লপথত বোমা বিস্ফোৰণ কৰা হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande