
গোলাঘাট, ২৮ এপ্ৰিল (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁওবাসীলৈ সুখবৰ । সমগ্ৰ অসমলৈ গোলাঘাট জিলাৰ দেৰগাঁও নগৰৰ বাসিন্দা দিগন্ত নাথে কঢ়িয়াই আনিলে গৌৰৱ । সৰ্বভাৰতীয় পৰ্যায়ত যুৱ বক্সিং সমিতিৰ সভাপতি হিচাপে নৱ নিৰ্বাচিত হয় দেৰগাঁৱৰ দিগন্ত নাথ ।
ইফালে যোৱা কালি সোমবাৰে বিয়লি সৰ্বভাৰতীয় পৰ্যায়ত যুৱ বক্সিং সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত দেৰগাঁৱৰ দিগন্ত নাথক সম্বৰ্ধনা জনোৱা হয়। দেৰগাঁও ক্ৰীড়া সন্থাৰ ভৱনত দেৰগাওঁবাসী ৰাইজৰ উদ্যোগত দেৰগাঁও ক্ৰীড়া সন্থা আৰু দেৰগাঁও যুৱ সমাজৰ সহযোগত সৰ্বভাৰতীয় পৰ্যায়ত যুৱ বক্সিং সমিতিৰ নৱ নিৰ্বাচিত সভাপতি তথা আন্তৰ্জাতিক ২ ষ্টাৰ ৰেফাৰী দিগন্ত নাথক উষ্ম আদৰণি জনোৱা হয় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ