গুৱাহাটীত হিট-এণ্ড-ৰান ঘটনা, মহিলাৰ মৃত্যু
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত বি. বৰুৱা মহাবিদ্যালয়ৰ ওচৰত সোমবাৰে নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হৈছে। দ্ৰুতগতিত অহা এখন অট’ ভেনে মহিলাগৰাকীক মহটিয়াই পেলোৱাৰ ফলত ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হয়।

মৃত মহিলাগৰাকীক সীতা দেৱী বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, অট’ ভেনখনে তীব্ৰ জোৰেৰে খুণ্ডা মাৰিছিল, যাৰ ফলত মহিলাগৰাকীয়ে তাতেই প্ৰাণ হেৰুৱায়। এই ঘটনাৰ পিছতে অঞ্চলটোত আতংক আৰু উত্তেজনাৰ সৃষ্টি হয়।

দুৰ্ঘটনাৰ পিছতে চালকজনে গাড়ীসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। পলাতক চালকজনক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।

ইফালে, এই ঘটনাৰ পিছতে উলুবাৰীৰ লালমাটিস্থিত সীতা দেৱীৰ বাসগৃহত শোকৰ ছাঁ পৰিছে। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ

 rajesh pande