বংগত দ্বিতীয় পৰ্যায়ৰ ভোটৰ আগতে নিৰ্বাচন আয়োগক সক্ৰিয়, বিশৃঙ্খলা সৃষ্টি কৰা লোকৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ নিৰ্দেশ
কলকাতা, ২৮ এপ্ৰিল (হি.স.)। পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বেই ভাৰতৰ নিৰ্বাচন আয়োগে আইন-শৃংখলা বজাই ৰখাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ১৪২টা বিধানসভা সমষ্টিৰ বিশদ তালিকা ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক দাখিল কৰিছে, য’ত নিৰ্ব
चुनाव आयोग (फाइल फोटो)


কলকাতা, ২৮ এপ্ৰিল (হি.স.)। পশ্চিম বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ ঠিক পূৰ্বেই ভাৰতৰ নিৰ্বাচন আয়োগে আইন-শৃংখলা বজাই ৰখাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। আয়োগে ১৪২টা বিধানসভা সমষ্টিৰ বিশদ তালিকা ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানক দাখিল কৰিছে, য’ত নিৰ্বাচনৰ সময়ত অশান্তি সৃষ্টি কৰিব পৰা সকলৰ তালিকা প্ৰস্তুত কৰা হৈছে।

সূত্ৰ অনুসৰি যোৱা ২৭ এপ্ৰিলত মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল । পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে প্ৰথম পৰ্যায়ত প্ৰকাশ পোৱা ভয়-ভাবুকি আৰু হিংসাৰ ঘটনা দ্বিতীয় পৰ্যায়ত পুনৰ ঘটিব নালাগে। কেইবাগৰাকীও তৃণমূলৰ নেতাও এই তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ মোগৰাহাট পশ্চিমৰ প্ৰাৰ্থী তথা অভিষেক বেনাৰ্জীৰ ঘনিষ্ঠ সহযোগী সমীম আহমেদ, ফাল্টা নেতা জাহাংগীৰ খান, শ্বেখ শ্বাহজাহান, শিৱপ্ৰসাদ হাজৰাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। তদুপৰি বাছিৰহাট অঞ্চলৰ বাৰীক বিশ্বাস আৰু ছাহানুৰ মণ্ডলৰ নামো এই তালিকাত প্ৰকাশ পাইছে।

আয়োগে প্ৰেৰণ কৰা তালিকাত উত্তৰ আৰু দক্ষিণ ২৪ পৰগনাকে ধৰি কেইবাখনো জিলাৰ মুঠ ১৪২টা বিধানসভা সমষ্টিৰ সন্দেহযুক্ত লোকৰ নাম আৰু যোগাযোগৰ তথ্য সন্নিবিষ্ট কৰা হৈছে। পত্ৰখনত আয়োগে স্পষ্টভাৱে উল্লেখ কৰিছে যে অহা ৭২ ঘণ্টা অতি গুৰুত্বপূৰ্ণ। তালিকাত থকা লোকসকলৰ কাম-কাজ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি প্ৰয়োজন হ’লে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে। শেহতীয়াকৈ কলিকতা উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশৰ উদ্ধৃতি দি ইয়াত এই কথাও উল্লেখ কৰা হৈছে যে আইন-শৃংখলা বজাই ৰাখিবলৈ আৰক্ষীয়ে স্বতন্ত্ৰ ব্যৱস্থা ল’ব পাৰে। ভোটাৰক ভয় খুৱাবলৈ বা বুথ দখল কৰাৰ চেষ্টাৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হৈছে।

প্ৰথম পৰ্যায়ত প্ৰাৰ্থীৰ ওপৰত সংঘটিত হিংসা আৰু আক্ৰমণৰ পোহৰত আয়োগে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তৃণমূল পৰ্যায়ত তৎকালীন ব্যৱস্থা নিশ্চিত কৰিবলৈ এই তালিকাখন হোৱাটছএপৰ জৰিয়তে আৰক্ষী বিষয়াসকললৈও প্ৰেৰণ কৰা হৈছে।

কাইলৈ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পশ্চিমবংগ নিৰ্বাচনত ১৪২খন আসনৰ বাবে ভোটদান অনুষ্ঠিত কৰা হ’ব ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande