অন্ধপ্ৰদেশলৈ গৈ দেৰগাঁওৰ নন্দ চাৰহ নামৰ যুৱক জনৰ অস্বাভাৱিক মৃত্য়ু
গোলাঘাট, ২৮ এপ্ৰিল (হি.স.)। বহিঃৰাজ্যত পুনৰ ৰহস্য জনক ভাৱে মৃত্যু হৈছে দেৰগাঁৱৰ এজন যুৱকৰ। অন্ধপ্ৰদেশলৈ কামৰ সন্ধানত গৈছিল দেৰগাঁও খকন্দগুৰিৰ চাৰহ মিচিং গাঁৱৰ নন্দ চাৰহ নামৰ যুৱক জন। অন্ধপ্ৰদেশৰ এটা ৰে’ল ষ্টেচনৰ কাষতে চীপ লৈ থকা অৱস্থাত যুৱক জনৰ
অন্ধপ্ৰদেশলৈ গৈ দেৰগাঁওৰ নন্দ চাৰহ নামৰ যুৱক জনৰ অস্বাভাৱিক মৃত্য়ু


গোলাঘাট, ২৮ এপ্ৰিল (হি.স.)। বহিঃৰাজ্যত পুনৰ ৰহস্য জনক ভাৱে মৃত্যু হৈছে দেৰগাঁৱৰ এজন যুৱকৰ। অন্ধপ্ৰদেশলৈ কামৰ সন্ধানত গৈছিল দেৰগাঁও খকন্দগুৰিৰ চাৰহ মিচিং গাঁৱৰ নন্দ চাৰহ নামৰ যুৱক জন। অন্ধপ্ৰদেশৰ এটা ৰে’ল ষ্টেচনৰ কাষতে চীপ লৈ থকা অৱস্থাত যুৱক জনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বৰ্তমান তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দেৰগাঁৱত।

২৪ এপ্ৰিলত কেইগৰাকীমান বন্ধুৰ সৈতে কৰ্ম সংস্থাপন বিচাৰি অন্ধপ্ৰদেশলৈ গৈছিল যুৱক জন। এদিন পূৰ্বে যুৱক জনৰ মৃত্যু হোৱা বুলি পৰিয়ালক জনাইছিল বন্ধু কেইজনে। ইয়াৰ পাছত বৰ্তমান শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে দেৰগাঁও খকণ্ডগুৰিৰ চাৰহ মিচিং গাঁৱত। সমান্তৰাল ভাৱে এই মৃত্যুক সহজ ভাৱে মানি ল'ব পৰা নাই পৰিয়াল তথা গাঁওবাসীয়ে।

সকলোৱে সন্দেহ কৰিছে কোনো দুৰ্বৃত্তই যুৱক গৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande