
—বৰেকাত অনুষ্ঠিত জন আক্ৰোশ মহিলা সন্মিলনত ৫০ হাজাৰ মহিলাৰ সৈতে মত বিনিময় কৰিব মোডীয়ে - কাশীৰ বাবে ৬,৩৩২ কোটি টকাৰ ১৬৩টা প্ৰকল্প উদ্বোধন কৰাৰ লগতে বাবা বিশ্বনাথৰ মন্দিৰত পূজা–অৰ্চনা
বাৰাণসী, ২৮ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণৰ বাবে মঙলবাৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হয় । বাবটপুৰৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ বিমান এয়াৰ ইণ্ডিয়া ৱান খন অৱতৰণ কৰাৰ লগে লগে ইতিমধ্যে তাত উপস্থিত থকা ৰাজ্যপাল আনন্দী বেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক ফুলৰ থোপা দি উষ্ম আদৰণি জনায়। তেওঁক আদৰণি জনোৱাৰ ভিতৰত উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠকও আছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে চমুকৈ মত বিনিময় কৰে। ইয়াৰ পিছতে কটকটীয়া নিৰাপত্তাৰ মাজতে বায়ুসেনাৰ হেলিকপ্টাৰেৰে বিমানবন্দৰৰ পৰা বাৰেকা অভিমুখে ৰাওনা হয় প্ৰধানমন্ত্ৰীগৰাকী। বাৰেকাৰ অস্থায়ী হেলিপেডত ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে প্ৰধানমন্ত্ৰীক ফুলৰ থোপা দি উষ্ম আদৰণি জনায় ।
ইয়াত প্ৰধানমন্ত্ৰীক আদৰণি জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ব্ৰজেশ পাঠক, বিজেপিৰ ৰাজ্যিক সভাপতি পংকজ চৌধুৰী,কে ধৰি অন্যান্য ৰাজ্যিক মন্ত্ৰীসকলে। ৫৪ সংখ্যক বাৰৰ বাবে নিজৰ সংসদীয় সমষ্টি বাৰাণসী ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে বাৰেকা ইণ্টাৰ কলেজ খেলপথাৰত স্থাপন কৰা বৃহৎ মঞ্চৰ পৰা মহিলা সন্মিলনত ভাষণ দিব। এই সন্মিলনখন কেৱল মহিলাসকলৰ বাবে হ’ব, মঞ্চৰ পৰা গেলেৰীলৈকে। মহিলাৰ স্বাভিমান, নিৰাপত্তা, আত্মনিৰ্ভৰশীলতা, সম সুযোগ আদি বিষয়ত মোদীয়ে তেওঁলোকক সম্বোধন কৰিব।
বিজেপি কাশী অঞ্চলৰ সভাপতি দিলীপ পেটেলৰ মতে, প্ৰধানমন্ত্ৰীয়ে নিজৰ সংসদীয় সমষ্টি বাৰাণসীৰ বাবে ৬৩৩২ কোটি টকাৰ ১৬৩টা প্ৰকল্প ৰাজহুৱা সভাস্থলীৰ পৰাই উন্মোচন কৰিব। ইয়াৰ ভিতৰত ১,০৫৪.৬৯ কোটি টকাৰ ৫০টা প্ৰকল্প উদ্বোধন আৰু ৫,২৭৭.৩৯ কোটি টকাৰ ১১৩টা প্ৰকল্পৰ আধাৰশিলা স্থাপন। ইয়াৰ সমান্তৰালকৈ তেওঁ বানাছ (আমুল)ৰ সৈতে জড়িত ৰাজ্যৰ লাখ লাখ গাখীৰ উৎপাদনকাৰী কৃষকলৈ ১০৫ কোটি টকাৰ বোনাছ হস্তান্তৰ কৰিব। ইয়াৰ উপৰিও তেওঁ দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল বেনাৰস-পুনে (হাদাপছৰ) আৰু অযোধ্যা-মুম্বাই (লোকমান্য তিলক টাৰ্মিনাছ) ফ্লেগ অফ কৰিব। নিশা বিশ্ৰামৰ পিছত পিছদিনা বাবা বিশ্বনাথ মন্দিৰলৈ যাব।
हिन्दुस्थान समाचार / Manoj Kumar Saikia