
তিনিচুকীয়া, ২৮ এপ্ৰিল (হি.স.)। ডিগবৈত আৰক্ষীৰ ড্ৰাগছ আৰু গাঞ্জা বিৰোধী অভিযান। অভিজানত প্ৰায় দুই কেজিৰো অধিক গাঞ্জা সহ দুই যুৱকক আটক কৰিব সক্ষম হই আৰক্ষী। ডিগবৈ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াৰ তত্ত্বাৱধানত উক্ত অভিজান চলোৱা হৈছিল । ডিগবৈ ষ্টেচন পাৰাত ডিগবৈ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ দুই গাঞ্জা ব্যৱসায়ী আটক।
গোপন সুত্ৰৰ পমখেদি ডিগবৈ আৰক্ষীৰ এক অভিযানত পাৱৈ অভিমূখে স্কুতিৰে গৈ থকাৰ অৱস্থাত বৃহৎ পৰিমাণৰ গাঞ্জা সহ দুই যুৱকক আটক কৰে।গাঞ্জাৰ সৰবৰাহত ব্যৱহাৰ কৰা স্কুতি খনৰ নম্বৰ এএছ ২৩এডি ৫৯৭৮। প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত যোৱা এটা দলে এই দুই যুৱকক হাতে লোতে আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা অনুসৰি দুই যুৱক ক্ৰমে হানিফ আলি আৰু মুকেশ চাহা ।বৰ্তমান আতকাধীন যুৱক দুজনৰ ওপৰত ডিগবৈ আৰক্ষীৰ জেৰা অব্যাহত আছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ