

কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। অসম বিধানসভা নিৰ্বাচন, ২০২৬ৰ ভোট গণনা প্ৰক্ৰিয়া সুকলমে, নিৰ্ভুলভাৱে আৰু স্বচ্ছতাৰ সৈতে সম্পন্ন কৰাৰ উদ্দেশ্যে কোকৰাঝাৰ জিলাত গণনাকাৰ্যত নিয়োজিত কৰ্মচাৰীসকলৰ বাবে সোমবাৰৰ পৰা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।কোকৰাঝাৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰত Counting Supervisor, Counting Assistant আৰু Micro Observer সকলক ভোট গণনাৰ সময়ত পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিস্তৃতভাৱে অৱগত কৰা হয়। গণনা প্ৰক্ৰিয়াৰ সকলো গুৰুত্বপূৰ্ণ দিশ সম্পৰ্কেও অংশগ্ৰহণকাৰীসকলক দিহা-পৰামৰ্শ দিয়া হয়।
উক্ত প্ৰশিক্ষণত Returning Officer আৰু Assistant Returning Officer সকল উপস্থিত থাকি বিষয়বস্তু সন্দৰ্ভত প্ৰয়োজনীয় নিৰ্দেশনা আগবঢ়ায়। জানিব পৰা মতে, দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অহা ২ মে’, পুৱা ১০ বজাৰ পৰা একে স্থানতে অনুষ্ঠিত হ’ব।ইফালে, ইয়াৰ পূৰ্বে সোমবাৰে কোকৰাঝাৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ড° পি. উদয় প্ৰবীণে ভোট গণনাৰ পূৰ্ব প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে এখন বৈঠকত সভাপতিত্ব কৰে। বৈঠকত গণনাকাৰ্যত নিয়োজিত কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ সূচীসহ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্ত আৰু কোকৰাঝাৰ ৰাজহ চক্ৰ বিষয়াসহ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।উল্লেখ্য যে, অসম বিধানসভা সাধাৰণ নিৰ্বাচন, ২০২৬ সমগ্ৰ ৰাজ্যত এক পৰ্যায়ত ৯ এপ্ৰিলত অনুষ্ঠিত হৈছিল আৰু ভোট গণনা ৪ মে’ত সম্পন্ন হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ