
গুৱাহাটী, ২৮ এপ্রিল (হি.স.)। অভূতপূর্ব আৰু ঐতিহাসিক বিজয় সাব্যস্ত কৰিব ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মর্চা (এনডিএ) ই। ৰাজ্যখনৰ থলুৱা, খিলঞ্জীয়া ভূমিপুত্ৰই যোৱা ৯ এপ্রিলৰ দিনা হিলদল ভাঙি ভোটদান কৰাৰ বাবেই এনে এক বিজয় সম্ভৱ হ'ব- এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াৰ।
ইতিবাচক সামাজিক আৰু ৰাজনৈতিক পৰিৱেশত ৰাজ্যখনৰ ৯০ শতাংশতকৈ অধিক সনাতনী লোকে ভোটদান কৰি গণতান্ত্রিক পৰিৱেশ সবল কৰাৰ লগতে মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ চৌপাশে হোরা সর্বব্যাপী, সর্বস্পর্শী আৰু সমাবেশী উন্নয়নৰ ভগৱতী প্রবাহৰ গতিৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবৰ বাবে এইবাৰ অসমৰ ৰাইজে ভোটদান কৰা বুলি ৰাজ্যিক সভাপতি শইকীয়াই মতপোষণ কৰে।
ভাৰতীয় জনতা পার্টি অসম প্ৰদেশৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা দলৰ ৰাজ্যিক সভাপতিৰ হৈ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এনেদৰে উল্লেখ কৰিছে। অসমৰ ৰাইজে ৯ এপ্ৰিলৰ দিনা ভোটদানৰ সময়ত দেখোৱা পাৰভঙা উছাহে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় জনতা পার্টিক আৰু অধিক আসনত বিজয়ী কৰাব বুলি ৰাজ্যিক সভাপতি শইকীয়াই দৃঢ়মত পোষণ কবে।
আনহাতে নির্বাচনত প্রতিদ্বন্দিতা কৰা নাইবা দলৰ দায়িত্বপ্রাপ্ত কোনো কার্যকর্তাকে অশোভনীয় শব্দ ব্যৱহাৰ কৰি ফেচবুককে ধৰি সামাজিক মাধ্যমৰ কোনো এটা প্লেটফ'মতেই বক্তব্য নাৰাখিবৰ বাবে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সংশ্লিষ্ট সকলোলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে যোৱা কেইদিন মান ধৰি একাংশ দলীয় কার্যকর্তাই চিপৰাং, গাড্ডাৰ আদি শব্দ ব্যৱহাৰ কৰি সামাজিক মাধ্যমত নিজৰ উষ্মা প্রকাশ কৰা পৰিলক্ষিত হৈছে। আচলতে সামাজিক মাধ্যম উষ্মা প্রকাশৰ ব্যৱস্থা কেতিয়াও হ'ব নোৱাৰে বুলি শইকীয়াই উল্লেখ কৰি সকলো কার্যকর্তাক এনে অশোভনীয় আচৰণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
চিপৰাং, গাড্ডাৰ আদি শব্দ ব্যৱহাৰ কৰাতো বিজেপিৰ সংস্কৃতি নহয় বুলি উল্লেখ কৰি ৰাজ্যিক সভাপতিয়ে লগতে কয় যে দলৰ সকলো কার্যকর্তাই অনুশাসন মানি চলিবই লাগিব। অন্যথা অনুশাসন অমান্য কৰা সকল জবাবদিহি হ'ব লাগিব বুলি ৰাজ্যিক সভাপতিয়ে সতর্কবাণী শুনায়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী