তামুলপুৰ জিলাৰ ডিমিলাপাৰস্থিতি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ ৫৭৭ সংখ্যক বাৰ্ষিক সবাহ মহোৎসৱৰ আজি অন্তিমটো দিন
তামুলপুৰ, ২৮ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলাৰ ডিমিলাপাৰস্থিতি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ ৫৭৭ সংখ্যক বাৰ্ষিক সবাহ মহোৎসৱৰ আজি অন্তিমটো দিন। যোৱা ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠানৰ কালি দ্বিতীয় দিনাৰ কাৰ্যসূচী
তামুলপুৰ জিলাৰ ডিমিলাপাৰস্থিতি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ ৫৭৭ সংখ্যক বাৰ্ষিক সবাহ মহোৎসৱৰ আজি অন্তিমটো দিন


তামুলপুৰ, ২৮ এপ্ৰিল (হি.স.)। তামুলপুৰ জিলাৰ ডিমিলাপাৰস্থিতি ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ ৫৭৭ সংখ্যক বাৰ্ষিক সবাহ মহোৎসৱৰ আজি অন্তিমটো দিন।

যোৱা ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই বৰ্ণাঢ্য ধৰ্মীয় অনুষ্ঠানৰ কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীত উপস্থিত হৈ ৰাজ্যসভাৰ সাংসদ প্ৰমোদ বড়োৱে ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে উদযাপন সমিতিৰ কাম-কাজৰ বুজ লয়। কালি দিনটোত পূজা-অৰ্চনা, আয়তীৰ নাম আৰু ভেল বিসৰ্জনৰ দৰে কাৰ্যসূচীত সহস্ৰাধিক ভক্তৰ সমাগম ঘটে। ইফালে, মহোৎসৱৰ লগত সংগতি ৰাখি আজি ২৮ এপ্ৰিল মঙলবাৰে পুৱা ১০ বজাৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত এক বিশেষ ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, আজি নিশা বঁটা বিতৰণী আৰু মহেশ ডেকা তথা বিনয় ৰাজকুমাৰৰ নাগাৰা নামেৰে এই ত্ৰিদিনীয়া মহোৎসৱৰ সফল সামৰণি পৰিব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande