
গোলাঘাট, ২৮ এপ্ৰিল (হি.স.)। এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত সৰুপথাৰ সমজিলাৰ বৰপথাৰ । দোষীক কৰায়ত্ব কৰাৰ দাবীত বৰপথাৰ থানা ঘেৰাও আটছাৰ । উল্লেখ্যযোগ্য চলিত মাহৰ ১৮ এপ্ৰিল তাৰিখে সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তর্গত খাৰুৱা গাঁৱত চুন্তী মুড়া নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনক ভাবে মৃত্যু হৈছিল । আজি ১১ দিনেও যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ কাৰণ উদ্ধাৰ কৰিবলৈ সক্ষম নহল বৰপথাৰ আৰক্ষী ।
সমান্তৰালকৈ যুৱতী গৰাকীৰ পিতৃয়ে একাংশ লোকৰ নাম সন্নিবিষ্ট কৰি আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো ঘটনাৰ সৈতে জড়িত এজনকো আৰক্ষীয়ে আটক কৰিব সক্ষম হোৱা নাই । ফলত যুৱতী গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি প্ৰকৃত দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাই আজি আটছা বৰপথাৰ শাখা আৰু মহিলা সকলে থানা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপথাৰ আৰক্ষীক এখন স্মাৰক পত্র প্রদান কৰে। এতিয়া বৰপথাৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে সেইয়াহে লক্ষণীয় হব ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ