সুভাষ ঘাই নকৰে ‘খালনায়ক ৰিটাৰ্ণছ’ৰ পৰিচালনা
‘খলনায়ক ৰিটাৰ্ণছ’ক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাই। শেহতীয়াকৈ অভিনেতা সঞ্জয় দত্তই ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিছত ১৯৯৩ চনৰ কাল্ট ছবি খলনায়কৰ ছিকুৱেলখন ঘাই পৰিচালনা কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হ
संजय दत्त, सुभाष घई  - फोटो सोर्स एक्स


‘খলনায়ক ৰিটাৰ্ণছ’ক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাইছে বলীউডৰ প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা সুভাষ ঘাই। শেহতীয়াকৈ অভিনেতা সঞ্জয় দত্তই ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিছত ১৯৯৩ চনৰ কাল্ট ছবি খলনায়কৰ ছিকুৱেলখন ঘাই পৰিচালনা কৰিব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে তেওঁ এতিয়া স্পষ্ট কৰি দিছে যে তেওঁ প্ৰকল্পটো পৰিচালনা কৰা নাই বৰঞ্চ জড়িত হৈ থাকিব।

সংবাদ মাধ্যমৰ মত বিনিময়ত সুভাষ ঘাইয়ে প্ৰকাশ কৰে যে সঞ্জয় দত্তই বহুদিনৰ পৰাই ‘খলনায়ক’ৰ ছিকুৱেল নিৰ্মাণ কৰিব বিচাৰিছিল। তেওঁ কয় যে কাৰাগাৰত থকাৰ সময়তো সঞ্জয়ে তেওঁক চিনেমাখন নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰি লিখিছিল। সুভাষ ঘাইয়ে উল্লেখ কৰে যে তেওঁ ছবিখনৰ কনচেপ্ট আৰু কাহিনী সঞ্জয়ৰ সৈতে শ্বেয়াৰ কৰিছিল যদিও তেওঁ নিজেই পৰিচালনা নকৰে। তেওঁ লগতে কয় যে তেওঁ কল্পনা কৰা ধৰণে ছবিখন নিৰ্মাণ কৰাটো প্ৰত্যাহ্বানজনক হ’ব।

সুভাষ ঘাই আৰু ইংগিত দিয়ে যে তেওঁ হয়তো ছবিখনৰ সৈতে সৃষ্টিশীল প্ৰযোজক হিচাপে জড়িত হৈ থাকিব আৰু আনকি কেমিঅ’ও কৰিব পাৰে। তেওঁ লগতে কয় যে শ্বাহৰুখ খানৰ ছবি “ওম শান্তি ওম”তো তেওঁ কেমিঅ’ কৰিছিল আৰু “খলনায়ক ৰিটাৰ্নছ”তো একেধৰণৰ ভূমিকা সম্ভৱপৰ। সুভাষ ঘাইয়ে সঞ্জয় দত্তক পুত্ৰ বুলি অভিহিত কৰি কয় যে তেওঁ ছবিখনৰ বাবে উপযুক্ত পৰিচালক বাছনি কৰিব, আৰু অতি সোনকালে আনুষ্ঠানিক ঘোষণা কৰিব পাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande