শ্ৰীৰামপুৰ হাইস্কুলত অনুষ্ঠিত ছাত্ৰ সংসদ নির্বাচন
কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ স্থিত শ্ৰীৰামপুৰ উচ্চ বিদ্যালয়ত আজি অনুষ্ঠিত হৈ আছে ছাত্ৰ সংসদ নির্বাচন। এই নিৰ্বাচন দেশৰ নির্বাচন আয়োগে অনুষ্ঠিত কৰা নিৰ্বাচনৰ ৰীতি নীতি আৰু নিয়ম অনুসৰি
শ্ৰীৰামপুৰ হাইস্কুলত অনুষ্ঠিত ছাত্ৰ সংসদ নির্বাচন


কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ স্থিত শ্ৰীৰামপুৰ উচ্চ বিদ্যালয়ত আজি অনুষ্ঠিত হৈ আছে ছাত্ৰ সংসদ নির্বাচন। এই নিৰ্বাচন দেশৰ নির্বাচন আয়োগে অনুষ্ঠিত কৰা নিৰ্বাচনৰ ৰীতি নীতি আৰু নিয়ম অনুসৰি এই নির্বাচন অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত নিৰ্বাচনৰ নিয়ম আৰু গুৰুত্বৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্ৰীৰামপুৰ উচ্চ বিদ্যালয়ৰ কৰ্তৃপক্ষই এই অভিনৱ পদক্ষেপ লোৱাত ছাত্ৰ ছাত্ৰীৰ মাজত এই নিৰ্বাচনক লৈ ব্যাপক উছাহ লক্ষ্য কৰা গৈছে।

ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা ছাত্ৰ ছাত্ৰীৰ লগতে ভোটাৰ সকলে শাৰি পাতি ভোট দি থকা পৰিলক্ষিত হৈছে। সমগ্ৰ শিক্ষা অভিযানৰ নীতি অনুযায়ী শ্ৰীৰামপুৰ উচ্চ বিদ্যালয়ৰ ছাত্ৰ সংসদ নির্বাচন আমাৰ দেশৰ নিৰ্বাচনৰ ৰীতি নীতি আৰু নিয়ম মতে অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত নিৰ্বাচন নিৰ্বাচনৰ ওপৰত সজাগতা সৃষ্টিৰ এক প্ৰয়াস লোৱা হৈছে বুলি উক্ত বিদ্যালয়ৰ বিষয় শিক্ষক বিৰাজ ঘোষ,প্ৰধান শিক্ষক মহেশ্বৰ বসুমতাৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজদীপ সৰকাৰে জানিবলৈ দিয়ে। কালি প্ৰকাশ কৰা হব নিৰ্বাচনৰ ফলাফল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande