উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বাৰিষাৰ বতৰত ৰেল পৰিচালনৰ বাবে সুৰক্ষা ব্যৱস্থাৰ শক্তিশালীকৰণ
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। উত্তৰ পূব সীমান্ত ৰে’লৱেই বাৰিষা বতৰৰ সময়ছোৱাত সুৰক্ষিত আৰু বাধাহীন ৰে’ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক ধাৰাবাহিক কৌশলগত প্ৰস্তুতিমূলক ব্যৱস্থাৱলী ৰূপায়ন কৰিছে। ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানপানীৰ বাবে এই অঞ্চলটোৰ সংবে
বাৰিষাৰ বতৰত ৰেল পৰিচালনৰ বাবে সুৰক্ষা ব্যৱস্থাৰ শক্তিশালীকৰণ


গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। উত্তৰ পূব সীমান্ত ৰে’লৱেই বাৰিষা বতৰৰ সময়ছোৱাত সুৰক্ষিত আৰু বাধাহীন ৰে’ল পৰিচালন নিশ্চিত কৰাৰ দিশত এক ধাৰাবাহিক কৌশলগত প্ৰস্তুতিমূলক ব্যৱস্থাৱলী ৰূপায়ন কৰিছে। ধাৰাষাৰ বৰষুণ, ভূমিস্খলন আৰু বানপানীৰ বাবে এই অঞ্চলটোৰ সংবেদনশীলতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবেদনশীল স্থানসমূহত ট্ৰেকৰ স্থিতি অবিৰতভাৱে নিৰীক্ষণ কৰাৰ বাবে আৰু চিনাক্ত কৰা যিকোনো বিপদৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে সতৰ্কবাণী দিবলৈ কৌশলগতভাৱে স্থায়ী পহৰাদাৰ নিযুক্ত কৰা হৈছে।

ভূমিস্খলন আৰু বানপানী প্ৰৱন এলেকাসমূহত বান্ধৰ শক্তিশালীকৰণৰ, নৰ্দমা ব্যৱস্থাৰ উন্নতকৰণ আৰু প্ৰাকৃতিকভাৱে থকা জলপথসমূহৰ পৰিস্কাৰকৰণৰ জৰিয়তে পুনৰ মজবুত কৰি তোলা হৈছে, ইয়াৰ লগতে পানীৰ স্তৰ পৰিমাপক যন্ত্ৰ সংবেদনশীল স্থানসমূহত, বিশেষকৈ পাহাৰীয়া এলেকাত, প্ৰকৃত সময়ৰ ভিত্তিত পানীৰ বৰ্ধিত স্তৰ নিৰীক্ষণ কৰাৰ বাবে স্থাপন কৰা হৈছে।

জৰুৰীকালীন অৱস্থাত দ্ৰুত সঁহাৰিৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই উদ্ধাৰ সামগ্ৰী যেনে- বোল্ডাৰ, বালিৰ বেগ আৰু তাঁৰৰ জাল গুৰুত্বপূৰ্ণ স্থানসমূহত মজুত কৰি ৰাখিছে। যিকোনো পৰিস্থিতিত তাৎক্ষণিকভাৱে সঁহাৰি দিয়াৰ অৰ্থে আৱশ্যকীয় সা-সৰঞ্জাম আৰু কাৰিকৰী ষ্টাফৰ সৈতে ‘ইমাৰ্জেঞ্চী অন হুইল’ ৰে'লসমূহ সম্পূৰ্ণৰূপে সু-সজ্জিত কৰি ৰখা হৈছে। ভূমিস্খলন, ট্ৰেক উটুৱাই লৈ যোৱা আৰু পানী জমা হোৱাৰ দৰে সমস্যাসমূহৰ সমাধান কৰাৰ অৰ্থে সমগ্ৰ মণ্ডলসমূহত ৰেপিড ৰেচপেন্স টীম গঠন কৰা হৈছে। এই টীমসমূহক তাৎক্ষণিকভাৱে ৰেল পৰিচালন স্বাভাৱিক কৰিবলৈ প্ৰশিক্ষিত কৰা হৈছে, যাতে যাত্ৰীবাহী আৰু মালবাহী ৰেলসেৱাৰ চলাচলত ব্যাঘাত ন্যূনতম কৰিব পৰা যায়।

চলিত বৰ্ষৰ বৰ্ষাকালীন প্ৰস্তুতিৰ অংশ হিচাপে, সকলো মণ্ডলতে কৌশলগতভাৱে যথেষ্ট পৰিমাণৰ সামগ্ৰী মজুত কৰি ৰখা হৈছে।লামডিং মণ্ডলত প্ৰায় ১০,০০০–১২,০০০ ঘনমিটাৰ বোল্ডাৰ আৰু ২,০০০–৩,০০০ ঘনমিটাৰ বালি/কোৱেৰী ডাষ্ট, লগতে ৪০,০০০ তকৈও অধিক চিমেণ্টৰ বেগ মজুত আছে। তিনিচুকীয়া মণ্ডলত প্ৰায় ৪০০–৬০০ ঘনমিটাৰ বোল্ডাৰ, ১০০–১৫০ ঘনমিটাৰ বালি/কোৱেৰী ডাষ্টৰ লগতে ৭,০০০ তকৈও অধিক চিমেণ্টৰ বেগ মজুত মজুত কৰি ৰখা হৈছে। ৰঙিয়া মণ্ডলত প্ৰায় ৬,০০০–৮,০০০ ঘনমিটাৰ বোল্ডাৰ আৰু ১,০০০ তকৈও অধিক ঘনমিটাৰ বালি/কোৱেৰী ডাষ্টৰ লগতে ৫,০০০ তকৈও অধিক চিমেণ্টৰ বেগ মজুত কৰা হৈছে। আলিপুৰদুৱাৰ মণ্ডলত ২০,০০০ তকৈও অধিক ঘনমিটাৰ বোল্ডাৰৰ লগতে অন্যান্য সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে। কাটিহাৰ মণ্ডলত প্ৰায় ৩,০০০–৫,০০০ ঘনমিটাৰ বোল্ডাৰ, ৮০০–১,২০০ ঘনমিটাৰ বালি/কোৱেৰী ডাষ্ট আৰু ২০,০০০ তকৈও অধিক চিমেণ্টৰ বেগ মজুত আছে। সামগ্ৰিকভাৱে, সকলো মণ্ডলতে পৰ্যাপ্ত সামগ্ৰী মজুত আছে আৰু আৱশ্যক হব পৰা সামগ্ৰী পূৰণেৰে বৰ্ষাকালৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি নিশ্চিত কৰা হৈছে। ইয়াৰ উপৰিও, সকলো মণ্ডলতে উদ্ধাৰ বা পুনৰুদ্ধাৰ অভিযানৰ বাবে প্ৰস্তুতি নিশ্চিতকৰণৰ বাবে বিভিন্ন ক্ষমতাসম্পন্ন উইঞ্চ ক্ৰেব, জেক, টিৰ্ফৰ আৰু ট্ৰাইপড মজুত আছে।

ইয়াৰ উপৰিও উত্তৰ পূব সীমান্ত ৰেলৱেই ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(আইএমডি)সৈতে প্ৰকৃত সময়ৰ ভিত্তিত বতৰৰ সতৰ্কতা আৰু পূৰ্বানুমান প্ৰাপ্ত কৰাৰ বাবে অতি ঘনিষ্ঠভাৱে কাম কৰি আহিছে। এই সহযোগিতাই ৰেলৱে নিয়ন্ত্ৰণ কক্ষক যথেষ্ট সহায় কৰিছে যি ৰেলৰ চলাচল আৰু ক্ষেত্ৰগত পৰিচালনৰ দিশত এক সক্ৰিয় সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে ২৪x৭ সময়তেই কৰ্মৰত হৈ থাকে, ৰে'লযাত্ৰীসকলক চৰকাৰী যোগাযোগ চেনেলসমূহ আৰু লগতে ৰেলৱে কৰ্তৃপক্ষৰ জৰিয়তে আপডেট হৈ থকাৰ বাবে পৰামৰ্শ দিয়া হৈছে। এনেধৰণৰ বিস্তৃত ব্যৱস্থাৱলীৰ গ্ৰহণেৰে, উত্তৰ পূব সীমান্ত ৰেলৱেই এই বাৰিষাৰ বতৰৰ সমগ্ৰ সময়চোৱাত সুৰক্ষা, পৰিচালন দক্ষতা আৰু যাত্ৰীৰ সুবিধা নিশ্চিত কৰাৰ দিশত সম্পূ্ৰ্ণৰূপে দায়বদ্ধ হৈ আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande