দক্ষিণ শালমাৰা বালাটাৰী গাঁৱত তিনি গৰাকী কিশোৰী নিৰুদ্দেশ
দক্ষিণ শালমাৰা, এপ্ৰিল (হি.স.)। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বালাটাৰী গাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা। একেলগে তিনি গৰাকী কিশোৰী নিৰুদ্দেশ। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বালাটাৰী গাওঁৰ পৰা তিনি জনী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰ
দক্ষিণ শালমাৰা বালাটাৰী গাঁৱত তিনি গৰাকী কিশোৰী নিৰুদ্দেশ


দক্ষিণ শালমাৰা, এপ্ৰিল (হি.স.)। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জৰ বালাটাৰী গাঁৱত সংঘটিত চাঞ্চল্যকৰ ঘটনা। একেলগে তিনি গৰাকী কিশোৰী নিৰুদ্দেশ। দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত বালাটাৰী গাওঁৰ পৰা তিনি জনী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে

বিদ্য়ালয়লৈ যোৱাৰ কথা কৈ ওলাই গৈছিল কিন্তু ঘৰত উভতি নহাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

সন্তানক বিচাৰি নাপাই মাতৃ আৰু পৰিয়ালৰ লোকে কান্দোনত ভাঙি পৰিছে। কোনোবা সদাশয় ব্যক্তিয়ে খবৰ পালে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে । যোগাযোগ নম্বৰ ৮৬৩৮৩৩২৮৬৪।

নিৰুদ্দেশ হৈছে মাকমুদা খাতুন, শাহনাজ পাৰবিন, ছুমিয়া খাটুন।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande