
শ্বিলং, ২৮ এপ্ৰিল (হি.স.)। বহুল চৰ্চিত ৰাজা ৰঘুৱংশী হত্যাকাণ্ডত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হিচাপে শ্বিলঙৰ এখন আদালতে মুখ্য অভিযুক্তা সোনম ৰঘুৱংশীক জামিন প্ৰদান কৰিছে। স্বামীৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত অভিযুক্তা সোনম কেইবামাহ ধৰি ন্যায়িক জিম্মাত আছিল।
ইন্দোৰৰ পৰিবহন ব্যৱসায়ী ৰাজা ৰঘুৱংশীৰ সৈতে জড়িত সোনমে আগতে তিনিবাৰ জামিন আবেদন দাখিল কৰিও প্ৰত্যাখ্যান পাইছিল। অৱশেষত চতুৰ্থবাৰৰ শুনানিৰ পিছত আদালতে তেওঁক স্বস্তি প্ৰদান কৰে। এই সিদ্ধান্তৰ নিশ্চিতি দিছে মৃতকৰ ভাই বিপিন ৰঘুৱংশীয়ে।
প্ৰতিবেদন অনুসৰি, গুৱাহাটী সোমবাৰে শিলঙ চেচনছ আদালতে আগতে অনুষ্ঠিত হোৱা শুনানিৰ আধাৰত সোনমক জামিন মঞ্জুৰ কৰে। আদালতৰ আদেশত উল্লেখ কৰা অনুসৰি, আৰক্ষীয়ে সোনমক গ্ৰেপ্তাৰ কৰাৰ সময়ত ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২২ৰ বিধানসমূহ মানি চলা নাছিল। চৰকাৰী অধিবক্তা কেচি গৌতমে এই কথা নিশ্চিত কৰি কয় যে, আৰক্ষীয়ে বিধিসম্মত প্ৰক্ৰিয়া অনুসৰণ নকৰাৰ বাবেই আদালতে জামিন প্ৰদান কৰে। যদিও আদালতে সোমবাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেই সময়ত এইটো ৰাজহুৱা কৰা হোৱা নাছিল। মঙলবাৰে এই বিষয়টো জনসাধাৰণৰ আগত প্ৰকাশ পায়।
এই ঘটনাই মধ্যপ্ৰদেশত বিশেষ গুৰুত্ব লাভ কৰিছে, য’ত অনুসন্ধানকাৰীসকলে সোনমে হত্যাকাণ্ডত মুখ্য ভূমিকা পালন কৰা বুলি অভিযোগ কৰিছে। পূৰ্বতে একাধিকবাৰ আবেদন নাকচ হ’লেও এতিয়া আদালতে তেওঁক জামিন প্ৰদান কৰিছে।
এই ঘটনাৰ সৈতে জড়িত আন অভিযুক্ত লোকেন্দ্ৰ সিং তোমাৰ, বলবীৰ আহিৰৱাৰ আৰু শিলোম জেমছ আগতেই জামিন লাভ কৰিছিল। কিন্তু আন এজন অভিযুক্ত ৰাজ কুশৱাহা এতিয়াও ন্যায়িক হেফাজতত আছে।
মৃত ৰাজা ৰঘুৱংশীৰ পৰিয়ালৰ সদস্যসকলে এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰি ইয়াক ন্যায় বিচাৰৰ সংগ্ৰামত এটা আঘাত বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে, ৰাজা ৰঘুৱংশী ২০২৬ৰ মে’ ২৩ তাৰিখে হানিমুন ভ্ৰমণৰ সময়ত নিখোজ হৈছিল আৰু পিছত জুন ২ তাৰিখে পূব খাচী হিলছ জিলাৰ চোহ্ৰা অঞ্চলৰ এটা জলপ্ৰপাতৰ ওচৰত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পিছতেই সোনমসহ কেইবাজনক এই ঘটনাৰ সৈতে জড়িত সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল।
ইফালে, জিলা আৰক্ষী অধীক্ষক বিবেক ছিয়েমে কয় যে জামিন প্ৰদান কৰা হ’লেও আইনী প্ৰক্ৰিয়া অনুসৰি তদন্ত অব্যাহত থাকিব।------------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ