বিজেপিত যোগদান কৰিবলৈ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিলে স্বাতী মালিৱালে
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। ৰাজ্যসভাৰ সাংসদ তথা দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে। দিল্লী বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱ, কেন্দ্ৰীয় ৰাজ্যিক ম
दिल्ली भाजपा अध्यक्ष वीरेंद्र सचदेवा और राज्यसभा सांसद स्वाती मालीवाल के साथ अन्य लोग मौजूद


নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। ৰাজ্যসভাৰ সাংসদ তথা দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষ স্বাতী মালিৱালে মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিত যোগদানৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে।

দিল্লী বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱ, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হৰ্ষ মালহোত্ৰা আৰু সাংসদ যোগেন্দ্ৰ চান্দোলিয়াৰ উপস্থিতিত দলটোত যোগদান কৰে স্বাতী মালিৱালে।

মালিৱালে কয়, আজি এটা অতি গুৰুত্বপূৰ্ণ দিন। মইও আৱেগিক, বিজেপিত যোগদান কৰাৰ সুযোগ পাইছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা অনুপ্ৰাণিত হৈ মই বিজেপিত যোগদান কৰিলোঁ। বিজেপিৰ কামৰ প্ৰতি বহুদিনৰ পৰা আগ্ৰহী হৈ আহিছো। দিল্লী মহিলা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত বিজেপিৰ পৰা অপৰিসীম সমৰ্থন পাইছো। এতিয়া দিল্লীৰ বাবে আৰু অধিক নিষ্ঠাৰে কাম কৰিম, যিদৰে মই সদায় কৰি আহিছো।

আম আদমী পাৰ্টিক লক্ষ্য কৰি তেওঁ কয় যে আপ দেশজুৰি নাটক, মিছা, প্ৰতাৰণা, গুণ্ডা, দুৰ্নীতিৰ বাবে পৰিচিত, যিটো লজ্জাজনক কথা। যোৱা ১০ বছৰত আমি দেখিছো যে আপৰ আহ্বায়ক কেজৰিৱালে দিল্লীত কেনেদৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি অত্যন্ত ভয়াৱহ হৈ পৰিছে। ৰাস্তা-ঘাট জৰাজীৰ্ণ অৱস্থা, পানী যোগান অতি দুৰ্বল, আৰু দিল্লীবাসীয়ে মৌলিক সুবিধাৰ বাবে হাহাকাৰ কৰি আছে। ৰেখা গুপ্তাৰ চৰকাৰে যোৱা দুবছৰত বহুখিনি সাফল্য লাভ কৰিছে, কিন্তু আৰু বহুত কামৰ প্ৰয়োজন এতিয়াও আছে, আৰু আমি সকলোৱে মিলি এইখিনি লাভ কৰিম।

আপৰ বিশৃংখল ৰাজনীতিত বিৰক্ত হৈ মই দল এৰি বিজেপিত যোগদান কৰিলোঁ। মই নিশ্চিত যে বিজেপিত থাকি মই দিল্লীৰ জনসাধাৰণৰ বাবে বহুত ভাল কাম কৰিবলৈ সক্ষম হ'ম।

মন কৰিবলগীয়া যে মাত্ৰ এদিন পূৰ্বে ৰাজ্যসভাৰ অধ্যক্ষ চি পি ৰাধাকৃষ্ণনে মালিৱালকে ধৰি ৰাজ্যসভাৰ সাতজন সদস্যক বিজেপিত একত্ৰিত কৰাত অনুমোদন জনাইছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande