পূৱৰ স্বৰ্গ প্ৰত্য়ক্ষ কৰিব বিচাৰিলে পৰ্যটকে ছিকিম ভ্ৰমণ কৰিব লাগিব - প্ৰধানমন্ত্ৰী মোডী
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গেংটকত অনুষ্ঠিত ছিকিমৰ ৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানত পৰ্যটনক উন্নয়নৰ সৈতে সংযোগ কৰে । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংযোগ আন্তঃগাঁথনিক অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ কয়। এক
सिक्किम में कार्यक्रम को संबोधित करते प्रधानमंत्री


নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে গেংটকত অনুষ্ঠিত ছিকিমৰ ৫০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠানত পৰ্যটনক উন্নয়নৰ সৈতে সংযোগ কৰে । ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংযোগ আন্তঃগাঁথনিক অগ্ৰাধিকাৰ দিয়া বুলিও তেওঁ কয়। এক্ট ইষ্ট, এক্ট ফাষ্ট নীতিৰ কথা উল্লেখ কৰি তেওঁ উত্তৰ-পূবক অষ্ট লক্ষ্মী বুলি অভিহিত কৰে। লগতে তেওঁ দেশবাসীক ছিকিম ভ্ৰমণ কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানৰ সময়ত তেওঁ ৪,০০০ কোটি ₹তকৈ অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ দুদিনীয়া ছিকিম ভ্ৰমণৰ অন্তিম দিনা আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰি আছে বুলিও তেওঁ কয়। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত ছিকিম আৰু উত্তৰ-পূবৰ উন্নয়ন অৱহেলিত আছিল। স্বাস্থ্যসেৱাৰ সুবিধাৰ অভাৱত পৰ্যটকসকলে ছিকিম ভ্ৰমণ এৰাই চলিছিল। ৰাজ্যত এতিয়া চাৰিখন জিলা চিকিৎসালয় আৰু ২২টা আয়ুষ্মান কেন্দ্ৰ স্থাপন কৰা হৈছে।

ছিকিমৰ সাংস্কৃতিক অনুষ্ঠানক প্ৰশংসা কৰি তেওঁ কয় যে যি সময়ত ৰাজনৈতিক স্বাৰ্থই দেশত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, সেই সময়ত ছিকিমে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শ দাঙি ধৰিছে। মোদীয়ে ছিকিমক পূবৰ স্বৰ্গ আৰু উত্তৰ-পূবৰ বাগিচা বুলি অভিহিত কৰে। তেওঁ কয় যে ৰাজ্যখনত দেশৰ ২৫ শতাংশতকৈ অধিক ফুলৰ বৈচিত্ৰ্য, ৫০০ৰো অধিক চৰাইৰ প্ৰজাতি আৰু ৭০০টা পখিলাৰ প্ৰজাতি আছে। কাঞ্চনজুংগা পৰ্বতমালায়ে ৰাজ্যখনৰ পৰিচয় আৰু অধিক সমৃদ্ধ কৰে।

তেওঁ পৰ্যটকসকলক ছিকিম ভ্ৰমণ কৰি স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। তেওঁ পৰামৰ্শ দিয়ে যে পৰ্যটকসকলে তেওঁলোকৰ ভ্ৰমণ বাজেটৰ কমেও ৫ শতাংশ স্থানীয় সামগ্ৰী ক্ৰয়ৰ বাবে ব্যয় কৰিব লাগে। তেওঁ পৰ্যটকসকলক স্থানীয় খাদ্য খাবলৈ আৰু য’তেই ভ্ৰমণ কৰে তাতেই স্থানীয় সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়। ইয়াৰ ফলত স্থানীয় অৰ্থনীতি শক্তিশালী হ’ব।

কেন্দ্ৰীয় চৰকাৰেও কেনেদৰে ক্ৰীড়া আৰু সুস্থতা পৰ্যটনৰ প্ৰসাৰৰ বাবে ৰাজ্যৰ সৈতে কাম কৰি আছে সেই বিষয়ে প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয় যে ৰাজ্যখনৰ ক্ৰীড়া একাডেমীখন পুনৰ সজীৱ কৰি তোলা হৈছে, আৰু খেলো ইণ্ডিয়া আৰু ফিট ইণ্ডিয়াৰ দৰে অভিযান ৰূপায়ণ কৰা হৈছে। ছিকিম প্ৰিমিয়াৰ লীগৰ দৰে ইভেণ্টকো প্ৰচাৰ কৰা হৈছে, আৰু ১০০০টা হোমষ্টেৰ বিকাশ কৰা হৈছে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে গেংটকত ৪,০০০ কোটি ₹ৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে আন্তঃগাঁথনি, সংযোগ, স্বাস্থ্যসেৱা, শিক্ষা, শক্তি, নগৰ উন্নয়ন, পৰিৱেশ, পৰ্যটন, আৰু কৃষিৰ দৰে খণ্ডসমূহক সামৰি লৈছে। তেওঁলোকৰ লক্ষ্য হৈছে ছিকিমৰ সামগ্ৰিক আৰু সৰ্বাংগীন উন্নয়ন ত্বৰান্বিত কৰা।

স্বাস্থ্য খণ্ডত নামচিৰ ইয়াংগাঙত ১০০খন বিছনাযুক্ত আয়ুৰ্বেদ চিকিৎসালয়, এন আই টি দেওৰালিত ৩০খন বিছনাযুক্ত সোৱা ৰিগপা চিকিৎসালয়ৰ আধাৰশিলা আৰু উদ্বোধন কৰা হয়। শিক্ষা খণ্ডত ছিকিম বিশ্ববিদ্যালয় চৌহদ, চিকিৎসা মহাবিদ্যালয়, বৃত্তিমূলক মহাবিদ্যালয়, আৰ্হি বিদ্যালয়কে ধৰি কেইবাখনো প্ৰতিষ্ঠান উদ্বোধন কৰা হয় আৰু ১৬০খন বিদ্যালয়ত তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনি আৰম্ভ কৰা হয়।

সংযোগৰ অধীনত তীষ্টা নদীৰ ওপৰত দুখন দলঙৰ আধাৰশিলা স্থাপন কৰা হয়, আৰু পথ উন্নীতকৰণ আৰম্ভ হয়। শক্তি, নগৰ উন্নয়ন, আৰু গৃহ নিৰ্মাণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। পৰিৱেশ সুৰক্ষাৰ বাবে নলা আৰু প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰকল্প আৰম্ভ কৰা হৈছিল। পৰ্যটন, তীৰ্থযাত্ৰা, কৃষি খণ্ডতো নতুন নতুন প্ৰকল্প আৰম্ভ কৰা হৈছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande