গহপুৰত নাৰী ব্যৱসায়ী ঘাটি উৎখাত
দুজন যুৱক সহ ৩ গৰাকী মহিলা আটক।
গহপুৰত নাৰী ব্যৱসায়ী ঘাটি উৎখাত


বিশ্বনাথ, ২৮ এপ্ৰিল (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰ চহৰৰ কলেজগুৰিত নাৰী ব্যৱসায়ী ঘাটি উৎখাত কৰা হৈছে। এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰামতে, কলেজগুৰিৰ মাইনু বৰা নামৰ মহিলা গৰাকীৰ ঘৰত দীৰ্ঘদিন ধৰি অবৈধ কাৰ্যকলাপ চলাই অহাৰ গুৰুতৰ অভিযোগ উঠি আহিছিল । এনে অভিযোগৰ মাজতে যোৱা কালি সোমবাৰে বিয়লি স্থানীয় ৰাইজে মহিলা গৰাকীৰ ঘৰত হাতে লোটে দুজন যুৱক সহ ৩ গৰাকী মহিলাক কৰায়ত্ব কৰে। পিছত ধৃত পাঁচোগৰাকীক গহপুৰ আৰক্ষীক চমজাই দিয়ে স্থানীয় ৰাইজে । গহপুৰ আৰক্ষীয়ে ৫ জনকে আটক কৰি গহপুৰ থানালৈ লৈ আহে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । স্থানীয় ৰাইজে এনে ধৰণৰ অসামাজিক কামৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande