কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক
মহানগৰীত পথ দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিলা আয়ুক্তৰ গুৱাহাটী,২৮ এপ্ৰিল (হি.স.)। কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কা
কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক


মহানগৰীত পথ দুৰ্ঘটনা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জিলা আয়ুক্তৰ

গুৱাহাটী,২৮ এপ্ৰিল (হি.স.)। কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা,অতিৰিক্ত জিলা আয়ুক্ত ৰাজা বৈশ্য, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব অভিজিৎ চৌধুৰী, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাব, জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসকে ধৰি পথ সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ, স্বাস্থ্য, আবকাৰী আদি বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াৰ উপস্থিতিত বৈঠকখন অনুস্থিত হয় ।

বৈঠকৰ আৰম্ভণীতে জিলা আয়ুক্তগৰাকীয়ে বিগত বৈঠকত গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ কাম-কাজৰ খতিয়ান লয় । তদুপৰি বিপদৰ শংকা থকা মহানগৰীৰ বিভিন্ন স্থানৰ উন্মুক্ত মেনহ'লৰ সমস্যাসমূহ এমাহৰ ভিতৰত সমাধানৰ বাবে নিৰ্দেশ দিয়ে। এই নিৰ্দেশ অমান্য কৰিলে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা জাননী জাৰি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। কামৰূপ মহানগৰৰ অলিয়ে গলিয়ে বিশৃংখলভাৱে চলিবলৈ ধৰা ই-ৰিক্সাসমূহৰ লাইচেঞ্চ, চালকৰ অনুজ্ঞাপত্ৰ, ইউনিক নম্বৰ সন্দৰ্ভতো অচিৰেই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক তেওঁ নিৰ্দেশ দিয়ে। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে পথ সুৰক্ষাৰ লগত জড়িত সকলো বিভাগকে অনাগত দিনত পথ দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহতৰ সংখ্যা পাৰ্যমানে হ্ৰাস কৰাৰ ক্ষেত্ৰত নিজৰ নিজৰ বিভাগৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায় ৷

বৈঠকত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসে মহানগৰ জিলাখনত সুশৃংখলিত আৰু সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত সুৰাপায়ী চালকক নিয়ন্ত্ৰণ কৰাৰ লগতে পথ-সুৰক্ষাৰ লগত জড়িত বিভিন্ন দিশসমূহ টনকিয়াল কৰাৰ বাবে পৰিবহণ বিভাগে আগন্তুক দিনত বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।

এইক্ষেত্ৰত তেওঁ সকলো শ্ৰেণীৰ যানবাহন ব্যৱহাৰকাৰীক পথৰ নীতি-নিয়ম তথা যানবাহন আইন মানি চলিবলৈ আহ্বান জনায়। ইফালে বৈঠকত পৰিবহণ বিভাগে গুৱাহাটীৰ বিভিন্ন এলাকাৰ ৰাষ্ট্ৰীয় ঘাই পথত দুৰ্ঘটনাৰ আশংকা থকা স্থানসমূহ পাৱাৰ প্ৰেজেনটেশ্বন পদ্ধতিৰে প্ৰদৰ্শন কৰে ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande