
বাক্সা, ২৮ এপ্ৰিল (হি.স.)। স্বাধীনতাৰ সত্তৰটা দশক পাৰ হোৱাৰ পিছতো উন্নয়নৰ মুখ নেদেখা বাক্সা জিলাৰ খাৰিজা বিজনীৰ কাহিতামা পথাৰ গাঁৱৰ ৰাইজে এতিয়া স্ব-নিৰ্ভৰশীলতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। দীৰ্ঘদিন ধৰি ৰাস্তা-ঘাটৰ জৰাজীৰ্ণ অৱস্থাই জুৰুলা কৰা গাঁও খনৰ ৩৬ টা পৰিয়ালে জনপ্ৰতিনিধিৰ আশ্বাসলৈ বাট নাচাই হাতে হাতে কোৰ লৈ নিজেই পথ নিৰ্মাণৰ কামত নামি পৰিছে।
কোনো চৰকাৰী অনুদানৰ বাবে অপেক্ষা নকৰি চুবুৰীটোৰ প্ৰতিঘৰ মানুহে কমেও এথোককৈ তামোল সংগ্ৰহ কৰি সেইয়া বিক্ৰী কৰি আৰু নিজৰ মাজতে আৰ্থিক বৰঙণি তুলি পথ মেৰামতিৰ পুঁজি গোটাইছে। বাৰিষাৰ বোকা আৰু দুৰ্দশাৰ পৰা মুক্তি পাবলৈ পুৰুষ-মহিলা নির্বিশেষে সকলোৱে শ্ৰমদান কৰিছে।
স্থানীয় ৰাইজৰ মতে, বিগত ১৭ টা বছৰে হাগ্ৰামা মহিলাৰীৰ শাসনকালত এই অঞ্চলটোৰ কোনো উন্নয়ন নহ’ল। আনকি বৰ্তমানৰ বিটিচিৰ কাৰ্যবাহী সদস্যা বেগম আকতাৰা আহমেদেও অঞ্চলটোৰ সমস্যাৰ প্ৰতি পিঠি দিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। ভোটৰ সময়ত আশ্বাস দি পৰৱৰ্তী সময়ত গাঁওলীয়া মানুহক প্ৰতাৰণা কৰা কাৰ্যৰ বিৰুদ্ধে এগৰাকী বৃদ্ধাই চকুলো টুকি ক্ষোভ উজাৰে। অতি সোনকালে এই পথছোৱা পকীকৰণ কৰিবলৈ ৰাইজে চৰকাৰ তথা বিটিচি প্ৰশাসনক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা