ৰাজ্য জোকাৰি যোৱা মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাত জড়িত বাহনৰ চালকক লাহোৱালত আটক
শেহতীয়াকৈ ৰাজ্য জোকাৰি যোৱা মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাত জড়িত বাহনৰ চালকক লাহোৱালত আটক।
ৰাজ্য জোকাৰি যোৱা মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাত জড়িত বাহনৰ চালকক লাহোৱালত আটক


শিৱসাগৰ, ২৮ এপ্ৰিল (হি.স.): শেহতীয়াকৈ ৰাজ্য জোকাৰি যোৱা মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাত জড়িত বাহনৰ চালক চামিম আহমেদক যোৱা কালি সোমবাৰে বিয়লি লাহোৱাল আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, গুৱাহাটীৰ ৰাজপথত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল তিনিগৰাকীকৈ প্ৰতিভাৱান যুৱতীয়ে ৷

গুৱাহাটীৰ মাছখোৱাৰ আ ই টি এত অনুষ্ঠিত এক কমেডী শ্ব' উপভোগ কৰি এএছ-০১ জিপি-০৫৬২ নম্বৰৰ তীব্ৰবেগী ছুইফট বাহনখনেৰে উভতি আহি আছিল আৰমিনা আহমেদ সহ যুৱতী তিনিগৰাকী আৰু বাহনখনৰ চালক চামিম আহমেদ। নিচেই পুৱাই মহানগৰীৰ মঠঘৰীয়াৰ গেট হাস্পতালৰ সন্মুখত তীব্ৰবেগী বাহনখনে এখন ৰৈ থকা চিমেণ্ট ভৰ্তি ট্ৰাকৰ পিছফালে প্ৰচণ্ড খুন্দা মৰাৰ ফলত সংঘটিত হৈছিল এই দুৰ্ঘটনা। ফলত থিতাতে প্ৰাণ হেৰুৱাইছিল আৰমিনসহ তিনিগৰাকী যুৱতীয়ে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল বাহনখনৰ চালক চামিম আহমেদ ।

গোপন সূত্ৰৰ পম খেদি লাহোৱালৰ মোহনবাৰী বাইপাছত কালি বিয়লি পদপথে আহি থকা অৱস্থাত মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৌশিক চেতিয়া, ডিব্ৰুগড়ৰ যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষীৰ বিষয়া গৌৰৱ গগৈ আৰু লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৌস্তভমণি গগৈৰ যৌথ প্ৰচেষ্টাত দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক চামিম আহমেদক গ্ৰেপ্তাৰ কৰে। বৰ্তমান চামিম আহমেদ লাহোৱাল আৰক্ষীৰ জিম্মাত আছে যদিও গুৱাহাটীৰ পৰা আহি থকা আৰক্ষী প্ৰশাসনক চমজাই দিব বুলি লাহোৱাল আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চালক চামিম আহমেদৰ ঘৰ বঙাইগাঁও বুলি জানিব দিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande