দুলীয়াজানত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ শুভ আৰম্ভণি
ডিব্ৰুগড়, ২৮ এপ্ৰিল (হি.স.)। দুলীয়াজানৰ আকাশ-বতাহ এতিয়া বিহুৰ সুৰত মুখৰিত। আজিৰে পৰা দুলীয়াজানৰ ঐতিহাসিক বিহুতলীত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৬’। বৰ্ণিল কাৰ্যসূচী আ
দুলীয়াজানত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ শুভ আৰম্ভণি


ডিব্ৰুগড়, ২৮ এপ্ৰিল (হি.স.)। দুলীয়াজানৰ আকাশ-বতাহ এতিয়া বিহুৰ সুৰত মুখৰিত। আজিৰে পৰা দুলীয়াজানৰ ঐতিহাসিক বিহুতলীত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘কেন্দ্ৰীয় ৰঙালী উৎসৱ ২০২৬’। বৰ্ণিল কাৰ্যসূচী আৰু জনসমুদ্ৰৰে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত।আজি পুৱাই দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।

ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ আৰু স্মৃতি তৰ্পণৰ জৰিয়তে জাতীয় চেতনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়।অসমৰ সাংস্কৃতিক জীৱনৰ দুই মহানায়কক আজি বিহুতলীত বিশেষভাৱে স্মৰণ কৰা হয়। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য-গীত আৰু কলা-সংস্কৃতিৰ প্ৰতিফলনেৰে উলিওৱা এই শোভাযাত্ৰাই দুলীয়াজানৰ ৰাজপথ এক অনন্য মাত্ৰা প্ৰদান কৰে।

কেন্দ্ৰীয় ৰঙালী উৎসৱৰ এই উদ্বোধনী অনুষ্ঠানত চিনেমা জগতৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী, সাংস্কৃতিক জগতৰ তাৰকা আৰু বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ উপস্থিত থাকে। তেওঁলোকৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ মৰ্যাদা দুগুণে বৃদ্ধি কৰে।উল্লেখ্য যে, এই দুদিনীয়া কেন্দ্ৰীয় ৰঙালী উৎসৱত আগন্তুক সময়ত কেইবাটাও জনপ্ৰিয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। দুলীয়াজানৰ এই বিহুৰ উছাহে এতিয়া প্ৰতিগৰাকী অসমীয়াৰ মন লহপহীয়া কৰি তুলিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande