

ৰঙিয়া, ২৮ এপ্ৰিল (হি.স.)। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত ৰঙিয়াৰ প্ৰাগমেটিক চিনিয়ৰ ছেকেণ্ডাৰী স্কুলে এশ শতাংশ উত্তীৰ্ণৰ সাফল্য অৰ্জন কৰি পুনৰাই নিজৰ গৌৰৱময় পৰম্পৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছে।
বিদ্যালয়খনৰ পৰা চলিত বৰ্ষত কলা শাখাত ৯৩ গৰাকী আৰু বিজ্ঞান শাখাত ৬৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। দুয়োটা শাখাতেই এশ শতাংশ উত্তীৰ্ণৰ হাৰ লাভ কৰি বিদ্যালয়খনেই উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে।
কলা শাখাত অৰ্জুন ৰাজ বড়োৱে ৯৩.৪ শতাংশ আৰু নেহা কলিতাই ৯৩.২ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষ স্থান দখল কৰে। আনহাতে বিজ্ঞান শাখাত জ্যোতিস্মান শৰ্মাই ৯০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ বিশেষ সুনাম কঢ়িয়াই আনে।
ফলাফল অনুসৰি, কলা শাখাত ১৩ গৰাকীয়ে ডিষ্টিংচন, ৩০ গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৫১ গৰাকীয়ে প্ৰথম ডিভিজনত, ৩২ গৰাকীয়ে দ্বিতীয় আৰু ১০ গৰাকীয়ে তৃতীয় ডিভিজনত উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাতো ৪ গৰাকীয়ে ডিষ্টিংচন, ৯ গৰাকীয়ে ষ্টাৰ মাৰ্ক, ৪৪ গৰাকীয়ে প্ৰথম ডিভিজন, ২২ গৰাকীয়ে দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় ডিভিজনত উত্তীৰ্ণ হয়।
উল্লেখযোগ্য ফলাফল লাভৰ পাছতে বিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰে। বিদ্যালয়খনৰ ন্যাসৰ সভাপতি মহচিন আলী, পৰিচালন সঞ্চালক অনিল দত্ত আৰু অধ্যক্ষ দীপজ্যোতি বৰূৱাই সকলো শিক্ষাৰ্থী আৰু শিক্ষক-কৰ্মচাৰীক অভিনন্দন জনায়।-----------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ