অনলাইন গেম খেলি প্ৰেমৰ চলনাৰে নাবালিকাক পলুৱাই নি ৰঙা ঘৰৰ আলহী বহিঃ ৰাজ্যৰ মুচলমান যুৱক
অনলাইন গেম খেলি প্ৰেমৰ চলনাৰে নাবালিকাক পলুৱাই নি ৰঙা ঘৰৰ আলহী হ'ল বহিঃ ৰাজ্যৰ মুচলমান যুৱক।
অনলাইন গেম খেলি প্ৰেমৰ চলনাৰে নাবালিকাক পলুৱাই নি ৰঙা ঘৰৰ আলহী বহিঃ ৰাজ্যৰ মুচলমান যুৱক


নগাঁও, ২৮ এপ্ৰিল (হি.স.): অনলাইন গেম খেলি প্ৰেমৰ চলনাৰে নাবালিকাক পলুৱাই নি ৰঙা ঘৰৰ আলহী হৈছে বহিঃ ৰাজ্যৰ মুচলমান যুৱক এজন । অসমৰ নাবালিকাক লৈ উধাও হৈছিল উত্তৰ প্ৰদেশৰ চামছাদ আলম নামৰ যুৱকজন ।

জানিব পৰামতে, অনলাইন গেমৰ জৰিয়তে চামগুৰিৰ শালনাৰ নাবালিকা গৰাকীক দিছিল প্ৰলোভন । ইয়াৰ পিছতে নাবালিকাক লৈ উধাও হৈছিল চামছাদ আলম। ইফালে ২০ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ থকা শালনাৰ নাবালিকাক শালনা আৰক্ষী পহৰা চকীৰ উপ পৰিদৰ্শক অমিত প্ৰীতম দাসৰ নেতৃত্বত ৰিন্টো বৰা সহ যোৱা এটা আৰক্ষী দলে মধ্যপ্ৰদেশৰ ইটাৰচিত আত্মগোপন কৰি থকাৰ পৰা উত্তৰপ্ৰদেশৰ যুৱক চামছাদ আলমসহ আটক কৰে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে বহিঃ ৰাজ্যত নাবালিকাক বিক্ৰী কৰাৰ পৰিকল্পনা আছিল আভিযুক্ত চামছাদ আলম । সম্প্ৰতি চামছাদ আলমক চামগুৰি আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande