নেপালৰ বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে শংখৰ ধ্বনি আৰু স্বস্তি পাঠৰে প্ৰতিবাদ সাব্যস্ত
কাঠমাণ্ডু, ২৮ এপ্ৰিল (হি.স.)। নেপালৰ বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে আজি পুৱা পাটন বহুমুখী কেম্পাছত প্ৰাৰ্থনা, শংখ ধ্বনি, শান্তি স্বস্তি পাঠৰে নতুন চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থা ভংগ কৰাৰ সিদ্ধান্ত বালেন্দ্ৰ চৰকাৰে, এই সিদ্ধান্
छात्र संगठनों द्वारा शंख घोष के साथ विरोध प्रदर्शन


কাঠমাণ্ডু, ২৮ এপ্ৰিল (হি.স.)। নেপালৰ বাওঁপন্থী ছাত্ৰ সংগঠনসমূহে আজি পুৱা পাটন বহুমুখী কেম্পাছত প্ৰাৰ্থনা, শংখ ধ্বনি, শান্তি স্বস্তি পাঠৰে নতুন চৰকাৰৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। ছাত্ৰ সন্থা ভংগ কৰাৰ সিদ্ধান্ত বালেন্দ্ৰ চৰকাৰে, এই সিদ্ধান্তৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

চৰকাৰৰ এই সিদ্ধান্তক অগণতান্ত্ৰিক বুলি অভিহিত কৰি প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ নেতাসকলে ছাত্ৰ সংগঠন বিলুপ্তিৰ সিদ্ধান্ত যদি প্ৰত্যাহাৰ কৰা নহয় তেন্তে তেওঁলোকে দেশজোৰা আন্দোলন আৰম্ভ কৰিব বুলি কয়। তদুপৰি চৰকাৰে শেহতীয়াকৈ সীমা শুল্ক লোৱাৰ সিদ্ধান্তৰো প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে। ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত আৰোপ কৰা বাধ্যতামূলক সীমা শুল্ক প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

লগতে ছাত্ৰ-ছাত্ৰীসকলে মুদ্ৰাস্ফীতি বৃদ্ধিক লৈ চৰকাৰক সমালোচনা কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ দাবী জনায়। সংযুক্ত ছাত্ৰ সংগঠনে সকীয়াই দিছে যে যদিহে চৰকাৰে তেওঁলোকৰ দাবীসমূহ ততাতৈয়াকৈ সমাধান নকৰে তেন্তে প্ৰতিবাদ তীব্ৰতৰ হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande