
শিৱসাগৰ, ২৮ এপ্ৰিল (হি.স.)। চতুৰ্দশ বাৰ্ষিক ধিতাইপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত কণ্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰৰ গীতৰ তালে তালে বাদ্যযন্ত্ৰী ৰূপত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ৷ কেক কাটি বিধায়ক সুশান্ত বৰগোহাঁইৰ জন্মদিনো উদযাপন চতুৰ্দশ বাৰ্ষিক ধিতাইপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত ৷
তিনিদিনীয়াকৈ শিৱসাগৰৰ ধিতাইপুখুৰীত অনুষ্ঠিত চতুৰ্দশ বাৰ্ষিক ধিতাইপুখুৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সামৰণি দিনাৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী আচুৰ্য্য বৰপাত্ৰই গীত পৰিৱেশন কৰে৷ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন কৰি জুবিন গাৰ্গৰ কেইবাটাও গীত পৰিৱেশন কৰে কণ্ঠ শিল্পী আচুৰ্য্য বৰপাত্ৰই৷
মঞ্চত কণ্ঠ শিল্পী আচুৰ্য্য বৰপাত্ৰৰ গীত পৰিৱেশন কৰা সমান্তৰালভাৱে একেখন মঞ্চত বাদ্যযন্ত্ৰী ৰূপত দেখা গ’ল ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইক৷ কেইবাটাও গীতত বাদ্যযন্ত্ৰী ৰূপত দেখা গ’ল বিধায়ক গৰাকীক৷ ইয়াৰ সমান্তৰালভাৱে বিধায়ক সুশান্ত বৰগোহাঁইৰ জন্মদিনটো বিহুৰ মঞ্চতে কেক কাটি উদযাপন কৰা পৰিলক্ষিত হয় ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা