
- এন এছ ইৰ প্ৰতি চাৰিজন বিনিয়োগকাৰীৰ ভিতৰত এগৰাকী মহিলা
নতুন দিল্লী, ২৮ এপ্ৰিল (হি.স.)। নেচনেল ষ্টক এক্সচেঞ্জ (এন এছ ই) পঞ্জীয়ন কৰা বিনিয়োগকাৰী সংখ্যা অনুসৰি নতুন মাইলষ্টোন অৰ্জন কৰিছে। এন এছ ইৰ পঞ্জীয়ন কৰা বিনিয়োগকাৰীৰ সংখ্যা ১৩ কোটিৰো অধিক হৈছে। এন এছ ইয়ে সোমবাৰে অৰ্থাৎ ২৭ এপ্ৰিলৰ বাণিজ্যিক অধিবেশন সময়চোৱাত এই সাফল্য অৰ্জন কৰিছে। তাৰ আগতে ছেপ্টেম্বৰ ২০২৫ত এন এছ ইত পঞ্জীয়ন কৰা বিনিয়োগকাৰীৰ সংখ্যা ১২ কোটি স্তৰলৈ গৈছিল। এইদৰে কেৱল সাত মাহৰ সময়চোৱাতেই নেচনেল ষ্টক এক্সচেঞ্জত এক কোটি নতুন পঞ্জীয়ন কৰা বিনিয়োগকাৰী যোগ হৈছে।
ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে প্ৰদান কৰা তথ্য অনুসৰি এন এছ ইত মহিলা পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি চাৰিজন পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ ভিতৰত এগৰাকী মহিলা। একেদৰে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জতো বিনিয়োগকাৰীৰ গড় বয়স ৩৩ বছৰলৈ হ্ৰাস পাইছে। ২০২১ চনত এন এছ ই বিনিয়োগকাৰীৰ গড় বয়স আছিল ৩৬ বছৰ। ষ্টক এক্সচেঞ্জৰ ৰেকৰ্ড অনুসৰি ইয়াৰ প্ৰায় ৪০ শতাংশ বিনিয়োগকাৰীৰ বয়স ৩০ বছৰৰ তলৰ।
মন কৰিবলগীয়া যে যোৱা কেইবছৰমানৰ পৰা শ্বেয়াৰ বজাৰ বিনিয়োগকাৰীৰ বৃদ্ধিৰ হাৰ যথেষ্ট ত্বৰান্বিত হৈছে। ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে এক কোটিৰ সীমাত উপনীত হ’বলৈ ১৪ বছৰ সময় লাগিছিল। ইয়াৰ পিছত বিনিয়োগকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিলে। এক কোটিৰ সীমাত উপনীত হোৱাৰ পিছত পৰৱৰ্তী ১১ বছৰত এন এছ ইত পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যা ৪ কোটি হ’ল। তাৰ পিছৰে পৰা যোৱা কেইবছৰমানৰ পৰা প্ৰতি ছয়ৰ পৰা আঠ মাহৰ মূৰে মূৰে গড়ে এক কোটি নতুন বিনিয়োগকাৰীয়ে ষ্টক এক্সচেঞ্জত যোগদান কৰিছে।
এন এছ ইৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে পাঁচ বছৰৰ সময়ছোৱাত পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যা ২৬.৪ শতাংশ চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাইছে। বিগত পাঁচ বছৰৰ সময়ছোৱাত এই হাৰ আছিল ১৫.২ শতাংশ। একে সময়ছোৱাতে ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ১৮ শতাংশ চক্রবৃদ্ধিৰ বাৰ্ষিক বৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৪৬০.৬ লাখ কোটি ₹ হয়।
ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জে প্ৰদান কৰা তথ্য অনুসৰি দেশৰ অধিকাংশ প্ৰান্তৰ লোকে পঞ্জীয়নভুক্ত বিনিয়োগকাৰী হিচাপে এন এছ ইত যোগদান কৰিছে। বৰ্তমান এন এছ ইয়ে দেশৰ ৯৯.৮৫ শতাংশ পিন ক’ড (ডাক এলেকা)ত বিনিয়োগকাৰী পঞ্জীয়ন কৰিছে। অৰ্থাৎ প্ৰতিখন জিলাতে কেৱল এন এছ ই পঞ্জীয়নভুক্ত বিনিয়োগকাৰীয়েই নহয়, এন এছ ইয়ে দেশৰ অধিকাংশ ব্লকত উপনীত হৈছে।
ৰাজ্য অনুসৰি এন এছ ই বিনিয়োগকাৰীৰ সংখ্যা বিবেচনা কৰিলে মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে সৰ্বাধিক বিনিয়োগকাৰী আছে আৰু ইয়াত প্ৰায় ২ কোটি পঞ্জীয়নভুক্ত বিনিয়োগকাৰী আছে। পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ সংখ্যাৰ ক্ষেত্ৰত উত্তৰ প্ৰদেশ দ্বিতীয় স্থানত আছে, প্ৰায় ডেৰ কোটি পঞ্জীয়নভুক্ত বিনিয়োগকাৰী আছে। প্ৰায় ১১ কোটি পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰে তৃতীয় স্থানত আছে গুজৰাট।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া