মণিপুৰত পৃথক পৃথক অভিযানত ড্ৰাগছ জব্দ আৰু লণ্ড–ভণ্ড কৰাৰ ঘটনাত পাঁচজন আটক
ইম্ফল, ২৮ এপ্ৰিল (হি.স.)। মণিপুৰৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত পৃথক পৃথক অভিযানত ড্ৰাগছ সৰবৰাহৰ আৰু লণ্ড-ভণ্ড কৰাৰ ঘটনাত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। আজি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ লামছাং আৰক্ষী থানাৰ অ
मणिपुर में अलग-अलग कार्रवाइयों में गिरफ्तारी और नशीले पदार्थों की जब्ती व तोड़फोड़ मामले में पांच गिरफ्तारियों की तस्वीरें।


ইম্ফল, ২৮ এপ্ৰিল (হি.স.)। মণিপুৰৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিগত ২৪ ঘণ্টাত পৃথক পৃথক অভিযানত ড্ৰাগছ সৰবৰাহৰ আৰু লণ্ড-ভণ্ড কৰাৰ ঘটনাত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে।

আজি আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ইম্ফল পশ্চিম জিলাৰ লামছাং আৰক্ষী থানাৰ অন্তৰ্গত হিমালয়ান টাইলছ আৰক্ষী চেকপইণ্টত নিয়মীয়া পৰীক্ষাৰ সময়ত আৰক্ষীয়ে ২৪ বছৰীয়া মাৰ্কনি নিংথৌজামক গ্ৰেপ্তাৰ কৰে। তেওঁৰ হাতত প্ৰায় ১.১ কিলোগ্ৰাম সন্দেহযুক্ত গাঞ্জা উদ্ধাৰ কৰা হৈছে।

আন এক অভিযানত নিৰাপত্তা বাহিনীয়ে বেংগালুৰুলৈ যোৱা দুজন যাত্ৰীক ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত আটক কৰে। দুয়োজনেই ইম্ফল পশ্চিম জিলাৰ মায়ং ইম্ফল অঞ্চলৰ বাসিন্দা। তেওঁলোক ক্ৰমে বেংগুন লৌবুক লেইকাই নিবাসী আছলাম খান (৩৯) আৰু ফৌবাকচাও মাখা লেইকাইৰ বাসিন্দা চেছাম আমিৰ (৩১) বুলি জানিব পৰা গৈছে। তালাচীৰ সময়ত তেওঁলোকৰ পৰা প্ৰায় ৮৪ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়।

একে ক্ৰমতে বিষ্ণুপুৰ জিলাৰ মৈৰাং থানাৰ অন্তৰ্গত মৈৰাং পাটলৌত এখন ট্ৰাক আক্ৰমণ কৰি তাত ভৰ্তি সাৰৰ বেগ ধ্বংস কৰাৰ অপৰাধত আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইজন ক্ৰমে লাইশ্ৰম অবিজিত সিং (২৫), খোৱাইৰাকপাম ধনশ্বৰ সিং (২৫), এলেক্স মইৰাংথেম (২৫), ফৈৰেম্বম কৈজাৰ সিং (৩৬) আৰু সনাবাম চাওবা মেইটেই (৪৮)। আৰক্ষীয়ে এই ঘটনাত ব্যৱহৃত চাৰিখন দুচকীয়া বাহনো জব্দ কৰে।

আৰক্ষীৰ মতে, সকলো গোচৰতে অধিক তদন্ত অব্যাহত আছে।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande