
ইম্ফল, ২৮ এপ্ৰিল (হি.স.)। অশান্ত জৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান নিৰাপত্তা বাহিনীৰ। ।ম্যানমাৰৰলৈ নিয়াৰ সময়ত নগদ ৩৬ লাখ সহ বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ আৰু চাৰি উগ্ৰপন্থীক গ্ৰেপ্তাৰ।
অশান্ত জৰ্জৰ মনিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে নিৰাপত্তা বাহিনীয়ে। অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে বিভিন্ন স্থানত যুটীয়া অভিযান চলাই বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ নগদ ধন গুলি বাৰুদ সহ কেইবাজনো নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ কেডাৰক গ্ৰেপ্তাৰ কৰিছে। সন্ত্ৰাস বিৰোধী আৰু সীমান্ত সুৰক্ষাৰ স্বাৰ্থত ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী টেংনৌপাল,উখৰুল ,কাকচিং,চান্দেল জিলাত অভিযান চলাই নিৰাপত্তা বাহিনীয়ে প্ৰিপাক আৰু পি এল এৰ ৪ জনক উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। ম্যানমাৰলৈ সৰবৰাহৰ সময়ত নগদ ৩৬ লাখ টকা সহ এজন ব্যক্তিকো গ্ৰেপ্তাৰ কৰে নিৰাপত্তা বাহিনীয়ে। বিভিন্ন স্থানত চলোৱা অভিযানত মেগজিন সহ ১ টা এ.কে.-৪৭ ৰাইফল, মেগজিনসহ ১ টা কাৰ্বাইন, ৪ টা চিংগল ব’ৰ ৰাইফল, ১১ টা পম্পী মৰ্টাৰ আৰু বোমা, ডিটনেটৰসহ ৩ টা গ্ৰেনেড, ৪ টা আই.ই.ডি সহ বুজণ পৰিমাণৰ অস্ত্ৰ সস্ত্ৰ জব্দ কৰে অভিযানকাৰী দলটোৱে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা