কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশলৈ স্চাথানান্তৰ চাৰিটা বনৰীয়া ম’হ; ছুপখাৰত পুনৰ প্ৰৱৰ্তনৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
ভূপাল, ২৮ এপ্ৰিল (হি.স.)। মধ্য প্ৰদেশত এক শতিকাৰো অধিক সময় ধৰি বিলুপ্ত হোৱা ''বনৰীয়া ম''হ'' (ৱাইল্ড বফেলো) প্ৰজাতি পুনঃস্থাপন হ''ব বুলি আশা কৰা হৈছে। অসমৰ কাজিৰঙাৰ পৰা চাৰিটা ম''হ মধ্য প্ৰদেশলৈ অনা হৈছে। মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে আজি বাল
जंगली भैंस (प्रतीकात्मक)


ভূপাল, ২৮ এপ্ৰিল (হি.স.)। মধ্য প্ৰদেশত এক শতিকাৰো অধিক সময় ধৰি বিলুপ্ত হোৱা 'বনৰীয়া ম'হ' (ৱাইল্ড বফেলো) প্ৰজাতি পুনঃস্থাপন হ'ব বুলি আশা কৰা হৈছে। অসমৰ কাজিৰঙাৰ পৰা চাৰিটা ম'হ মধ্য প্ৰদেশলৈ অনা হৈছে। মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে আজি বালাঘাট জিলাৰ সূপখাৰ আৰু টোপলা অঞ্চলত কাৰ্য্যসূচীৰ অংশ হিচাপে এই 'জংঘলী মাহিষসমূহ' মুক্ত কৰি পুনঃস্থাপন অভিযান আৰম্ভ কৰিব।

জনসংযোগ বিষয়া কে কে যোশীয়ে জনোৱা মতে, তিনিটা মাইকী আৰু এটা মতাকে ধৰি চাৰিটা বন্য ম’হক ছুপখাৰৰ নতুন বাসস্থানলৈ মুকলি কৰি দিয়া হ’ব। এই উপলক্ষে জিলা প্ৰভাৰী মন্ত্ৰী উদয় প্ৰতাপ সিং, বিষয়া, স্থানীয় জনপ্ৰতিনিধি, আৰু নাগৰিকসকল উপস্থিত থাকিব। এই পদক্ষেপে ম’হৰ প্ৰজাতিটো সংৰক্ষণ কৰাই নহয় ৰাজ্যৰ বন পৰিৱেশ তন্ত্ৰকো শক্তিশালী কৰি তুলিব।

যোশীয়ে উল্লেখ কৰে যে এই অভিলাষী প্ৰকল্পৰ অধীনত অসমৰ কাজিৰঙাৰ পৰা কানহা বাঘ সংৰক্ষিত বনাঞ্চললৈ বনৰীয়া ম’হ অনা হৈছে। প্ৰথম পৰ্যায়ত চাৰিজনীয়া ম’হৰ এটা দলে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছে। লক্ষ্য হৈছে মুঠ ৫০টা ম'হক প্ৰতিষ্ঠাপক জনসংখ্যা হিচাপে অনা। এই ছিজনত আঠটা ম’হক স্থানান্তৰ কৰা হ’ব।

তেওঁ কয় যে এই প্ৰকল্পই মধ্যপ্ৰদেশ আৰু অসমৰ মাজত বন্যপ্ৰাণী বিনিময়ৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে। অসমৰ পৰা মধ্যপ্ৰদেশলৈ অনা হ’ব দুযোৰ গঁড় আৰু ভূপালৰ ভান বিহাৰ ৰাষ্ট্ৰীয় উদ্যানত ৰখা হ’ব। বিনিময়ত মধ্যপ্ৰদেশে অসমৰ অনুৰোধ অনুসৰি তিনিটা বাঘ আৰু ছটা কুমিৰ স্থানান্তৰ কৰিব।

চিতা পুনৰ প্ৰৱৰ্তনৰ ঐতিহাসিক সফলতাৰ পিছত বনৰীয়া ম’হৰ প্ৰত্যাৱৰ্তনে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্যত এক নতুন মাত্ৰা যোগ কৰিব। এই পদক্ষেপ কেৱল এটা প্ৰজাতি সংৰক্ষণৰ প্ৰচেষ্টাই নহয়, ৰাজ্যৰ বন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইতিমধ্যে মধ্যপ্ৰদেশে ‘টাইগাৰ ষ্টেট’ আৰু ‘লিওপাৰ্ড ষ্টেট’ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। বনৰীয়া ম’হৰ পুনৰ প্ৰৱৰ্তনে এই সুনাম আৰু অধিক শক্তিশালী কৰিব।

মন কৰিবলগীয়া যে মধ্যপ্ৰদেশৰ বনৰীয়া ম’হৰ সংখ্যা প্ৰায় ১০০ বছৰ পূৰ্বে নিঃশেষ হৈ গৈছিল। কানহাৰ সৌপখাৰ অঞ্চলত শেষবাৰৰ বাবে ১৯৭৯ চনৰ আশে-পাশে বন্য ম’হ দেখা গৈছিল। অত্যধিক চিকাৰ, মানুহৰ হস্তক্ষেপ, বাসস্থানৰ অৱক্ষয়, ঘাঁহনি ধ্বংস আদি এই হ্ৰাসৰ মূল কাৰণ। বৰ্তমান ইহঁতৰ প্ৰাকৃতিক জনসংখ্যা মূলতঃ অসমতে সীমাবদ্ধ, আনহাতে ছত্তীশগড়ত ইহঁতৰ সংখ্যা অত্যন্ত সীমিত।

ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (ডেৰাডুন)ৰ এক অধ্যয়নত বন্য ম’হৰ পুনৰ প্ৰৱেশৰ বাবে কানহা বাঘ সংৰক্ষিত বনাঞ্চল আটাইতকৈ উপযোগী বুলি ধৰা পৰিছে। ইয়াৰ বিস্তৃত ঘাঁহনি, প্ৰচুৰ পানীৰ উৎস আৰু মানুহৰ নূন্যতম হস্তক্ষেপে প্ৰজাতিটোৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰে। সৌপখৰত বনৰীয়া ম’হৰ মুকলিৰ লগে লগে এই ‘বন্যৰ পৰা বন্যলৈ’ পুনৰ প্ৰৱৰ্তন প্ৰকল্পই নতুন পৰ্যায়ত প্ৰৱেশ কৰিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande