


–মধ্যপ্ৰদেশত বন্য ম’হ প্ৰজাতিৰ পুনৰ প্ৰৱৰ্তন এক ঐতিহাসিক অনুষ্ঠানঃ মুখ্যমন্ত্ৰী ড০ যাদৱ
ভূপাল, ২৮ এপ্ৰিল (হি.স.)। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱে মঙলবাৰে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাৰ পৰৱৰ্তী অধ্যায় হিচাপে বন্য ম’হ পুনৰ প্ৰৱৰ্তন আঁচনি মুকলি কৰে। মুখ্যমন্ত্ৰীয়ে কানহা বাঘ সংৰক্ষিত বনাঞ্চলত বনৰীয়া ম’হ পুনৰ সংস্থাপনৰ বাবে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অনা ম’হ কেইটা বালাঘাট জিলাৰ সৌপখাৰ অঞ্চলত মুকলি কৰি দিয়ে । নতুন অতিথিসকলৰ শুভ আগমনৰ বাবে ৰাজ্যবাসীক অভিনন্দন জ্ঞাপন কৰে।
মুখ্যমন্ত্ৰী ড০ যাদৱে উদ্বোধনী অনুষ্ঠানত সংবাদ মাধ্যমৰ আগত কয় যে আজি ৰাজ্যখনৰ বাবে এক ঐতিহাসিক দিন। প্ৰায় ১০০ বছৰৰ পাছত ৰাজ্যত বনৰীয়া ম’হৰ পুনৰ সংস্থাপন আৰু পুনৰ প্ৰৱৰ্তনৰ কাম চলি আছে। মধ্যপ্ৰদেশৰ বন্যপ্ৰাণী আৰু বন পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ বাবে এয়া এক সুন্দৰ সুযোগ। বন্য ম’হৰ পুনসংস্থাপনে ঘাঁহনি আৰু পৰিৱেশ তন্ত্ৰ সংৰক্ষণত সহায় কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত ৰাজ্য চৰকাৰে বিলুপ্তপ্ৰায় বন্যপ্ৰাণীক মধ্যপ্ৰদেশলৈ ঘূৰাই আনিছে। ইয়াৰ ফলত বন্যপ্ৰাণীৰে বনাঞ্চলসমূহ সমৃদ্ধ হ’ব আৰু পৰ্যটনৰ জৰিয়তে স্থানীয় কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব। বনৰীয়া ম’হৰ স্থানান্তৰকৰণে মধ্যপ্ৰদেশ আৰু অসমৰ মাজত এক নতুন সম্পৰ্ক গঢ়ি তুলিছে। তেওঁ উল্লেখ কৰে যে অসম ভ্ৰমণৰ সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বনৰীয়া ম’হ আৰু গঁড়ৰ পুনৰ সংস্থাপনৰ সন্দৰ্ভত এক ফলপ্ৰসূ আলোচনা কৰিছিল।
বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মধ্যপ্ৰদেশে দেশৰ বাবে আদৰ্শ দাঙি ধৰিছে
মুখ্যমন্ত্রী ড০ যাদৱে উল্লেখ কৰে যে বালাঘাট জিলাৰ বনাঞ্চলত এৰি দিয়া বনৰীয়া ম’হবোৰৰ ভিতৰত আছে তিনিটা মাইকী ম’হ আৰু এটা মতা ৷ সকলো বনৰীয়া ম’হ পোৱালি আৰু সুস্থ। তেওঁ লগতে কয় যে মধ্যপ্ৰদেশ আজি বাঘ আৰু নাহৰফুটুকী ৰাজ্য, কুমিৰ, ঘৰিয়াল, পহুও যথেষ্ট সংখ্যক পোৱা যায়। মধ্যপ্ৰদেশো এতিয়া শগুন ৰাজ্যত পৰিণত হৈছে। মধ্যপ্ৰদেশ সকলো ধৰণৰ বন্যপ্ৰাণীৰে চহকী। ৰাজ্যখনৰ চহকী বনাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ সপোন বাস্তৱায়িত হৈছে কেইবাশ বছৰ পূৰ্বে বিলুপ্ত হোৱা প্ৰজাতিৰ পুনৰুদ্ধাৰৰ লগে লগে। দেশত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে আদৰ্শ দাঙি ধৰিছে মধ্যপ্ৰদেশে। আমাৰ এই প্ৰচেষ্টাই ভৱিষ্যত প্ৰজন্মক উপকৃত কৰিব।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, একে সময়তে ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰিছে। প্ৰধানমন্ত্ৰী মোডীৰ নিৰ্দেশত ২০২২ চনৰ পৰা আৰম্ভ হৈছিল চিতাৰ পুনৰ সংস্থাপন। কুনো অভয়াৰণ্যৰ পিছত এতিয়া গান্ধীসাগৰ অভয়াৰণ্যত চিতাবোৰে হুমুনিয়াহ কাঢ়িছে। সাগৰৰ সমীপৱৰ্তী নোৰাডেহী অভয়াৰণ্যত চিতাক পুনৰ সংস্থাপনৰ বাবে প্ৰস্তুতি চলি আছে। এই সকলোবোৰ পদক্ষেপ ৰাজ্যৰ বাবে এক সম্পদৰ ভাণ্ডাৰ হ’ব। এই উপলক্ষে সংসদৰ সদস্য ভাৰতী পাৰ্ধি আৰু ভগত সিং নেতমৰ লগতে বন বিভাগৰ বিষয়া আৰু স্থানীয় প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে।
অসমৰ পৰা মধ্যপ্ৰদেশলৈ বন্য ম’হৰ যাত্ৰাঃ বিলুপ্তপ্ৰায় প্ৰজাতিৰ বাবে ঘৰলৈ উভতি অহা
এই উল্লেখযোগ্য আন্তঃৰাজ্যিক সহযোগিতামূলক অভিযানৰ প্ৰথম পৰ্যায়ত ২০২৬ চনৰ ১৯ মাৰ্চৰ পৰা ১০ এপ্ৰিলৰ ভিতৰত কাজিৰঙাৰ মধ্য আৰু পূব অঞ্চলৰ পৰা সাতটা বলধ ম’হ সংগ্ৰহ কৰা হৈছিল । ২০২৬ চনৰ ২৫ এপ্ৰিলত চাৰিটা বন্য ম’হে কাজিৰঙাৰ পৰা কানহা বাঘ সংৰক্ষিত বনাঞ্চললৈ ২০০০ কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিছিল। কাজিৰঙা আৰু কানহা দুয়োখন দেশৰ জ্যেষ্ঠ বিষয়া আৰু অভিজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত তেওঁলোকক স্থানান্তৰ কৰা হয়। আজি কানহা বাঘ সংৰক্ষিত বনাঞ্চলৰ সৌপখাৰত অৱস্থিত ঘেৰাওত মুকলি কৰা হৈছে।
স্থানীয়ভাৱে বিলুপ্ত হোৱা বন্য ম’হ প্ৰজাতিৰ পুনৰ প্ৰৱৰ্তনে কানহাত জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰিব আৰু কানহা বাঘ সংৰক্ষিত বনাঞ্চলৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মধ্যপ্ৰদেশৰ বন্য ম’হৰ সংখ্যা প্ৰায় ১০০ বছৰ আগতে বিলুপ্ত হৈছিল। বৰ্তমান ইহঁতৰ প্ৰাকৃতিক জনসংখ্যা মূলতঃ অসমতে সীমাবদ্ধ, আনহাতে ছত্তীশগড়ত ইহঁতৰ সংখ্যা অত্যন্ত কম।
ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (ডেৰাডুন)ৰ এক অধ্যয়নত বন্য ম’হৰ পুনৰ প্ৰৱেশৰ বাবে কানহা বাঘ সংৰক্ষিত বনাঞ্চল আটাইতকৈ উপযোগী বুলি ধৰা পৰিছে। ইয়াৰ বিস্তৃত ঘাঁহনি অঞ্চল, প্ৰচুৰ পানীৰ উৎস আৰু মানুহৰ নূন্যতম হস্তক্ষেপে এই প্ৰজাতিটোৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া