
হোজাই, ২৮ এপ্ৰিল (হি.স.)। লংকাৰ নখুটি বজাৰত বনৰীয়া হাতীৰ মূক্ত বিচৰণ। নিশা পৰা পুৱালৈকে দুটা বনৰীয়া হাতীয়ে বজাৰ খনত মুক্ত বিচৰণ কৰি আছে। ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।
স্থানীয় ৰাইজে এতিয়া বন্যহস্তীৰ উপদ্ৰৱৰ বাবে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। স্থানীয় লোকে হাতীকেইটা যাতে ঘন বসতিপ্ৰধান অঞ্চললৈ সোমাই ঘৰ বাৰী ভাঙিব নোৱাৰে তাৰ বাবে পহৰা দি থাকিব লগীয়া হয়। ইফালে স্থানীয় লোকসকলে এই ঘটনাৰ কথা বন বিভাগক জনায়। ইফালে সখবৰ দিয়াৰ পাছতো বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ তোলে স্থানীয় লোকসকলে।
বনৰীয়া হাতী দুটাই প্ৰায় বিচৰণ কৰি আতংকিত কৰি ৰাখে ৰাইজক। অতিশীঘ্ৰে বন বিভাগৰ লোকে বন্যহস্তীদুটাক নিৰাপদে জনাঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠিয়াব লাগে বুলিও স্থানীয় ৰাইজে দাবী জনায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা