
কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। থানাত অপহৰণৰ গোচৰ ৰজু হোৱাৰ পিছত আৰক্ষী জোৰদাৰ তদন্ত আৰম্ভ কৰে। বিগত দুদিনৰ আৰক্ষীৰ তদন্তৰ অন্তত পৰ্বতঝোৰাত অপহৃত নাবালিকা গৰাকীক উদ্ধাৰ কৰিব সক্ষম হই আৰক্ষী। বগৰীবাৰী আৰক্ষীয়ে বিলাসীপাৰা নয়াহাটৰ পৰা উদ্ধাৰ কৰিব সক্ষম হই নাবালিকা গৰাকীক।
নাবালিকা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত অপহৰণৰ সৈতে জড়িত এজন যুৱকক আটক কৰে আৰক্ষী। আটকাধীন যুৱকজনক ইয়ানুৰ হক(১৭)বুলি চিনাক্ত কৰা হৈছে। যুৱক জনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ