৪৮ ঘণ্টাৰ ভিতৰত তৃতীয়বাৰৰ বাবে পাকিস্তানত উপস্থিত ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাঘচি, ৰাছিয়াই মধ্যস্থতা কৰিবলৈ সাজু
তেহৰাণ/মস্কো, ২৮ এপ্ৰিল (হি.স.)। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি ২৭ এপ্ৰিলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ পিছত পুনৰ পাকিস্তানত উপস্থিত হৈছে। হৰমুজ জলদ্বীপক লৈ আমেৰিকাৰ সৈতে চলি থকা সংঘাত সমাধানৰ বাবে ইৰাণে কূটনৈতিক প্ৰচে
सेंट पीटर्सबर्ग में 27 अप्रैल को ईरान के विदेशमंत्री अब्बास अराघची और रूस के राष्ट्रपति व्लादिमीर पुतिन। फोटो - तास


তেহৰাণ/মস্কো, ২৮ এপ্ৰিল (হি.স.)। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি ২৭ এপ্ৰিলত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ পিছত পুনৰ পাকিস্তানত উপস্থিত হৈছে। হৰমুজ জলদ্বীপক লৈ আমেৰিকাৰ সৈতে চলি থকা সংঘাত সমাধানৰ বাবে ইৰাণে কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। পুটিনে কয় যে ৰাছিয়াই মধ্যপ্ৰাচ্যত শান্তি নিশ্চিত কৰাৰ বাবে যিমান পাৰি সোনকালে নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিবলৈ সাজু।

ইৰাণৰ প্ৰেছ টিভি আৰু ৰাছিয়াৰ সংবাদ সংস্থা টাছৰ খবৰ অনুসৰি পাকিস্তানত আৰাঘচিৰ আগমনে আমেৰিকা-ইৰাণ যুদ্ধৰ অন্ত পৰাৰ জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। পাকিস্তানে দুয়োখন দেশৰ মাজত মধ্যস্থতাকাৰী ভূমিকা পালন কৰি আছে আৰু ইৰাণ আৰু আমেৰিকাৰ মাজত পৰোক্ষ আলোচনাৰ প্ৰসাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। মঙলবাৰে ৰাছিয়া ভ্ৰমণৰ পিছত পুনৰ ৪৮ ঘণ্টাৰ ভিতৰত তৃতীয়বাৰৰ বাবে পাকিস্তানত উপস্থিত হৈছে আৰাঘচি।

ইয়াৰ পূৰ্বে দেওবাৰে নিশা পাকিস্তানৰ সামৰিক প্ৰধান মুনিৰৰ সৈতে সাক্ষাৎ কৰি আৰাঘচিয়ে ইছলামাবাদৰ পৰা পোনপটীয়াকৈ ৰাছিয়ালৈ উৰা মাৰিছিল। কালি চেণ্ট পিটাৰ্ছবাৰ্গত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে সাক্ষাৎ কৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি দুয়োগৰাকী নেতাৰ বৈঠক। ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে এই বৈঠকত যুদ্ধ আৰু আগ্ৰাসনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত গভীৰ চৰ্চা কৰা হয়। তেওঁ ইৰাণ-ৰাছিয়াৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্ব বুলি অভিহিত কৰি সংকটৰ সময়ত ৰাছিয়াই আগবঢ়োৱা সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। পুটিনে পশ্চিম এছিয়াত শান্তি প্ৰচেষ্টাৰ প্ৰতিও সমৰ্থন প্ৰকাশ কৰি অঞ্চলটোত অতি সোনকালে স্থিতিশীলতা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাছিয়াই ইৰাণৰ স্বাৰ্থ আগুৱাই নিব।

আৰাঘচিৰ সৈতে হোৱা বৈঠকত পুটিনে কয় যে মধ্যপ্ৰাচ্যত শান্তি নিশ্চিত কৰাৰ বাবে ৰাছিয়াই নিজৰ সকলো শক্তি ব্যৱহাৰ কৰিবলৈ সাজু। ৰাছিয়াৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে ইৰাণৰ জনসাধাৰণে নিজৰ সাৰ্বভৌমত্বৰ বাবে সাহস আৰু পৰাক্ৰমৰে ঘ্নযুঁজি আছে। তেওঁ আশা প্ৰকাশ কৰে যে ইৰাণে এই অসুবিধা আৰু প্ৰত্যাহ্বানৰ সময়ছোৱা অতিক্ৰম কৰিব আৰু তাত শান্তি প্ৰতিষ্ঠা হ’ব। আৰাঘচিয়ে ইছলামিক ৰিপাব্লিকলৈ আগবঢ়োৱা সহায়ৰ বাবে পুটিন আৰু ৰাছিয়াৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ দিমিট্ৰি পেস্কোভে সাংবাদিকৰ আগত কয় যে মধ্যপ্ৰাচ্যত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ ৰাছিয়াই মধ্যস্থতা কৰিবলৈ সাজু। তেওঁ আস্থা প্ৰকাশ কৰে যে ইউক্ৰেইন বিষয়ত কূটনৈতিক প্ৰচেষ্টা সময়ৰ লগে লগে তীব্ৰতৰ হ’ব। তেওঁ কয় যে আমেৰিকাৰ সৈতে সংঘাত ইৰাণৰ স্বাৰ্থত নহয়, হৰমুজ জলদ্বীপৰ কাষৰীয়া দেশসমূহৰ স্বাৰ্থতো নহয়। তেওঁ লগতে কয় যে ৰাছিয়াত ইৰাণৰ সৈতে আলোচনা কৰাটো এক জটিল প্ৰক্ৰিয়া। পেস্কোভে কয় যে ইউক্ৰেইনৰ সংঘাত সমাধানৰ প্ৰচেষ্টাত আমেৰিকা এতিয়াও জড়িত হৈ আছে যদিও ইৰাণৰ সৈতে জড়িত পৰিস্থিতি সমাধান কৰাটো তেওঁৰ বাবে অধিক অগ্ৰাধিকাৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande