আজি গুৱাহাটীত সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান ফাষ্ট ট্ৰেক আদালতত চলি আছে। এই পৰিপ্ৰেক্ষিততে আজি অভিযুক্ত তথা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব। জানিব প
আজি গুৱাহাটীত সিদ্ধাৰ্থৰ জামিন আবেদনৰ শুনানি


গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান ফাষ্ট ট্ৰেক আদালতত চলি আছে। এই পৰিপ্ৰেক্ষিততে আজি অভিযুক্ত তথা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব।

জানিব পৰা মতে, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই নিৰ্বাচনৰ পিছতে জামিন বিচাৰি আদালতত আবেদন কৰিছিল। ইয়াৰে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি অহা ৩০ এপ্ৰিলত নিৰ্ধাৰিত কৰা হৈছে।

উল্লেখযোগ্য যে, এই গোচৰত ৭ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ হিয়াৰিঙৰ প্ৰক্ৰিয়া ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে। বৰ্তমান শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা নিকাচি জেইলত আছে।

ইয়াৰ উপৰি, জুবিন গাৰ্গৰ দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যও বৰ্তমান নিকাচি জেইলত বন্দী হৈ আছে। আনহাতে সন্দীপন গাৰ্গেও একে খন ীঈ এই কথা শুনি স্থানীয় লোকে জনোৱা অনুসৰি তেওঁলোকে এই জেইলত আছে আৰু শেখৰজ্যোতি আৰু অমৃতপ্ৰভাক হাফলং জেইলত ৰখা হৈছে।

-----------

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande