শক্তি আশ্ৰম উ: মা: আৰু কাৰিকৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ সন্তোষজনক ফলাফল
কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। আজি ঘোষণা কৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰমত থকা শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ে এইবাৰ সুন্দৰ ফলাফল আৰ
শক্তি আশ্ৰম উ: মা: আৰু কাৰিকৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ সন্তোষজনক ফলাফল


কোকৰাঝাৰ, ২৮ এপ্ৰিল (হি.স.)। আজি ঘোষণা কৰা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞান শাখাৰ চুড়ান্ত পৰীক্ষাত কোকৰাঝাৰ জিলাৰ অন্তৰ্গত শক্তি আশ্ৰমত থকা শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ে এইবাৰ সুন্দৰ ফলাফল আৰু সন্তোষজনক ফলাফল কৰিবলৈ সক্ষম হৈছে।

আজি ঘোষণা কৰা ফলাফল অনুসৰি উচ্চতৰ মাধ্যমিক কলা শাখাত পৰীক্ষা দিছিল ৩৪০ জন শিক্ষাৰ্থীয়ে। ইয়াৰে প্ৰথম বিভাগত উৰ্ত্তীণ হয় ২৯ জনে, দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১২৯ জনে আৰু তৃতীয় বিভাগত হয় ১৩৪ জন। বিজ্ঞান শাখাত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩৪ জন। উত্তীৰ্ণ হয় ৩২ জন। প্ৰথম বিভাগত ৭ জন, দ্বিতীয় বিভাগত ২৪ জন আৰু ২জন তৃতীয় বিভাগত উৰ্ত্তীণ হয়। উতীৰ্ণৰ হাৰ ৯৪.১২℅শতাংশ। বিদ্যালয়ৰ অধ্যক্ষ লক্ষণ চন্দ্ৰ দাসে বিদ্যালয়ৰ ফলাফল লৈ সন্তোষ প্ৰকাশ কৰে আৰু বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকললৈও ধন্যবাদ জ্ঞাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande