
বাক্সা, ২৮ এপ্ৰিল (হি.স.)। ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। উৰুখা পঁজাৰ পৰা জুয়ে পোৰা সোণ হৈ জিলিকিল বাক্সাৰ পূৱ খাগ্ৰাবাৰীৰ বৰষা নাথ। পিতৃ দিন হাজিৰা কৰি পঢ়ুৱাইছিল সন্তানক।
৯১.৮ শতাংশৰ সৈতে সৰ্বমুঠ ৪৫৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন বৰষাৰ।মাতৃৰ লগতে গাওঁবাসীয়ে আনন্দত উৎফুল্লিত হৈ পৰে। জালাহস্থিত অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰীত অধ্যয়নৰত বৰষা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ