
শিৱসাগৰ, ২৮ এপ্ৰিল (হি.স.)। আজি ঘোষণা হল উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফল।শিৱসাগৰ জিলাৰ ফলাফল সন্তোষজনক।জিলাখনত তিনিওটা শাখাত মুঠ ৭৩৮৩ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে কলা শাখাত ৫৪৮৯ ,বিজ্ঞান শাখাত ১৪০০ আৰু বাণিজ্য শাখাত ৪৯৪ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল।
মুঠ ৭৩৮৩ গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৬৫৮৬ গৰাকী ছাত্ৰী ছাত্ৰী উত্তীৰ্ণ হয়।কলা শাখাত ৪৭৮২,বিজ্ঞান শাখাত ১৩৬৩ আৰু বাণিজ্য শাখাত ৪৪১ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয়।জিলাখনত তিনিওটা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮৯.২৭%। ইয়াৰে কলা শাখাত ৮৭.১২,বিজ্ঞান শাখাত ৯৭.৩৬ আৰু বাণিজ্য শাখাত ৮৯.২৭ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হবলৈ সক্ষম হয়।আনহাতে জিলাখনত বৃত্তিমূলক শাখাত ১০০ শতাংশ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হবলৈ সক্ষম।পূৰ্বৰ তুলনাত জিলাখনত কলা শাখাত উত্তীৰ্ণৰ হাৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ