
লক্ষীমপুৰ, ২৮ এপ্ৰিল (হি.স.)। ১০০% উত্তীৰ্ণৰে উজ্জ্বলিল গুড উইল একাডেমী। আজি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। বিগত বৰ্ষৰ দৰে এইবাৰো ১০০% উত্তীর্ণৰে উজ্জ্বলিল ঢকুৱাখনা সম জিলাৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান গুড উইল একাডেমী। এই সফলতাই আনন্দত আত্মহাৰা হৈ পৰিছে শিক্ষক আৰু শিক্ষাৰ্থী।
বিদ্যালয় খনৰ পৰা সুখ্যাতিৰে ডিষ্টিংচন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীর্ণ হ'য় কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থী। ফলাফলৰ পিছত ফটকা ফুটাই নাচি বাগি আনন্দ কৰা পৰিলক্ষিত হয় ছাত্র ছাত্রী, অভিভাৱক, শিক্ষক। পূৰ্বতকৈ এইবাৰ সন্তোষজনক ফলাফলে আনন্দিত কৰি তুলিছে বিদ্যালয়ৰ কতৃপক্ষক। ইফালে সোণাৰি চাপৰি জাতীয় বিদ্যালয়ৰ পৰা ১০০% উত্তীর্ণ হবলৈ সক্ষম হৈছে। ৯ গৰাকী ভিতৰত ৯ জনে প্ৰথম বিভাগত উত্তীর্ণ হয়। ইয়াৰে দুজনে ষ্টাৰ পাবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ