পুৰণি গাড়ী বিক্ৰীৰ নামত প্ৰবঞ্চনা, চাৰি অভিযুক্ত গ্ৰেপ্তাৰ
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত অঞ্চলত পুৰণি গাড়ী বিক্ৰী কৰাৰ নামত সংঘটিত হোৱা এটা প্ৰবঞ্চনাৰ ঘটনাত আৰক্ষীয়ে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযোগ অনুসৰি, অভিযুক্তসকলে এখন পুৰণি ব্রেজা গাড়ী বিক্ৰী কৰাৰ প
पुरानी कार बेचने के नाम पर ठगी करने वाले चार गिरफ्तार आरोपितों की तस्वीर।


গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। গুৱাহাটীৰ সোণাপুৰ থানাৰ অন্তৰ্গত অঞ্চলত পুৰণি গাড়ী বিক্ৰী কৰাৰ নামত সংঘটিত হোৱা এটা প্ৰবঞ্চনাৰ ঘটনাত আৰক্ষীয়ে চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। অভিযোগ অনুসৰি, অভিযুক্তসকলে এখন পুৰণি ব্রেজা গাড়ী বিক্ৰী কৰাৰ প্ৰলোভন দেখুৱাই এজন লোকৰ পৰা প্ৰায় পাঁচ লাখ টকা হৰলুকি কৰে।

আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়া মতে, সোণাপুৰ থানাৰ ইজিপিডি দলে যোৱা নিশা অভিযান চলাই ৰাহুল চৌধুৰী (২৭), অমিত বড়ো (১৯), ৰাজীবুল হক (২২) আৰু ভাগ্যশ্ৰী বড়ো (২৮)ক গ্ৰেপ্তাৰ কৰে। আটাইকেইজন অভিযুক্ত সোণাপুৰ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

উল্লেখ কৰা হৈছে যে, অভিযুক্তসকলে এএছ ০১ জিজে ০৭০৬ নম্বৰৰ এখন পুৰণি ব্রেজা গাড়ী বিক্ৰী কৰাৰ লোভ দেখুৱাই ভুক্তভোগীৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰে । ঘটনা পোহৰলৈ অহাৰ পাছতে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি আটাইকেইজনক আটক কৰে ।

এই সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা আৰম্ভ কৰিছে আৰু ঘটনাৰ অধিক তদন্ত অব্যাহত আছে ।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande