
গুৱাহাটী, ২৮ এপ্ৰিল (হি.স.)। মঠঘৰীয়াত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ আৰক্ষীয়ে একাধিক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে। গুৱাহাটী যান বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই আজি সংবাদমেলত জনায় যে, দুৰ্ঘটনাৰ পূৰ্বে অভিযুক্ত ছামিম আৰু তিনিগৰাকী যুৱতীয়ে গোটেই নিশা বাৰত সুৰা সেৱন কৰিছিল।
আৰক্ষীৰ তথ্য অনুসৰি, তেওঁলোকে নিশা ১১ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈকে ৰুদ্ৰাক্ষ মলৰ এক্সৰো বাৰত সময় কটাইছিল, য’ত তেওঁলোকৰ মুঠ বিল প্ৰায় ১৯ হাজাৰ টকা হৈছিল। তাৰ পিছতে তেওঁলোকে বাহন লৈ মহানগৰীৰ বিভিন্ন পথত অতি দ্ৰুত গতিত ঘূৰি ফুৰিবলৈ আৰম্ভ কৰে।
বিৱৰণ অনুসৰি, পুৱতি নিশা ৩ বজাৰ পিছত বাহনখন প্ৰায় ১৩৫ কিলোমিটাৰ প্ৰতি ঘণ্টা গতিত চলি আছিল। অৱশেষত পুৱা ৪ বাজি ২ মিনিটত মঠঘৰীয়াত বাহনখনৰ গতি প্ৰায় ৯৬ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল আৰু সেই সময়তে এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দিয়াইছিল।
এই ভয়ংকৰ দুৰ্ঘটনাত তিনি গৰাকী যুৱতীৰ মৃত্যু হৈছিল, যাৰ ফলত সমগ্ৰ মহানগৰীত চাঞ্চল্য সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু সকলো দিশে গভীৰভাৱে অনুসন্ধান চলাই আছে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ